ওদালগুৰি, 30 ডিচেম্বৰ: ভৈৰৱকুণ্ড ! ওদালগুৰি জিলাৰ অন্তৰ্গত লগতে অৰুণাচল প্ৰদেশ আৰু ভূটান সীমান্তত অৱস্থিত এখন উল্লেখযোগ্য পৰ্যটনস্থলী ৷ সেউজীয়া পাহাৰৰ মাজেৰে ভূটান আৰু অৰুণাচলৰ পৰা নামি অহা তিনিখন নৈ জীয়া ধনশিৰি, দৈপাম আৰু ভৈৰৱীৰ সংগমঠলীয়ে হৈছে “ভৈৰৱকুণ্ড” ৷
ভৈৰৱকুণ্ডত থকা ধনশিৰি নদীৰ পাৰত ভোজ-ভাত খাই আনন্দ লয় বনভোজকাৰী দলে ৷ বিশাল ধনশিৰি নদীৰ নিৰ্মল পানী,শিল আৰু ভঙা পাহাৰখনে সকলোকে আকৰ্ষিত কৰা দেখা যায়। শীতকালত বনভোজকাৰী দল আৰু পৰ্যটকৰ আগমণ ঘটে ভৈৰৱকুণ্ডলৈ। বিশেষকৈ ডিচেম্বৰ-জানুৱাৰী মাহত বনভোজ খাবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম হয় ভৈৰৱকুণ্ডত।
ভৈৰৱকুণ্ডৰ লগতে ভূটান আৰু অৰুণাচলৰ প্ৰাকৃতিক পৰিৱেশৰো আনন্দ লয় বনভোজপ্ৰেমীসকলে ৷ জানিব পৰা মতে আগতীয়া অনুমতি অবিহনে ভূটানৰ দৈফাং নামৰ সৰু চহৰখনলৈ প্ৰৱেশ কৰিব পাৰে ভাৰতীয় পৰ্যটকে। তুলনামূলকভাৱে ভূটানত ভাৰততকৈ সুৰাৰ মূল্য কম। সেয়ে দৈফাঙত থকা সুৰাৰ বিপণীসমূহত সুৰা পানো কৰিব পাৰে পৰ্যটকসমূহে। গাহৰী মাংস-মূৰ্গী আৰু গাহৰি পুৰাৰ জুতিও ভৈৰৱকুণ্ডত অহা পৰ্যটকসকলে লয় লগতে ডিচেম্বৰ-জানুৱাৰী মাহত ভৈৰৱকুণ্ডত যঠেষ্ট পৰিমাণৰ ভূটানৰ পৰা অহা কমলা পোৱা যায়।
ভৈৰৱকুণ্ডখনত এখন বৃহৎ মানৱ সৃষ্ট অৰণ্য আছে। গেথছেমানে জইন্ট ফৰেষ্ট নামেৰে পৰিচিত প্ৰায় ৫৫০ হেক্টৰ ভূমি সামৰি গঢ় লৈ উঠা এই মানৱ সৃষ্ট অৰণ্যখন স্থাপনৰ আঁৰত আছে কেইবাখনো গাঁৱৰ ৰাইজৰ কঠোৰ পৰিশ্ৰম আৰু এদল যুৱকে প্ৰতিষ্ঠা কৰা এখন বহুমুখী পাম। ওদালগুৰি জিলা সদৰৰ পৰা প্ৰায় ২১ কিলো মিটাৰ নিলগত অৱস্থিত ভৈৰৱকুণ্ড। পৰ্যটকসকলৰ বাবে ভৈৰৱকুণ্ডত এখন ৰিজৰ্টো নিৰ্মাণ কৰা হৈছে। ইয়াৰোপৰি ওদালগুৰি চহৰত কম সংখ্যক পৰ্যটক থাকিব পৰাকৈ ল'জৰ ব্যৱস্থা আছে।