ওদালগুৰি, ১৬ জুলাইঃ ওদালগুৰিৰ হৰিশিঙাত অঘটন । ভোল্লা নদীৰ সোঁতে উটুৱাই নিলে দুই ছাত্ৰক ।
ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত কাহিবাৰীত মঙলবাৰে সংঘটিত হ'ল অঘটন । ভোল্লা নদীৰ সোঁতে উটুৱাই নিলে দুই ছাত্ৰক । ছাত্ৰ দুজনৰ নাম ক্লেনিজ বসুমতাৰী (১৯) আৰু ফুংখা বসুমতাৰী ( ১৪)।
মঙলবাৰে আবেলি ৩ মান বজাত ছাত্ৰ দুজনে আন কেইজন মান বন্ধুৰ সৈতে ভোল্লানদীখন পাৰ হ'ব যত্ন কৰোতেই উক্ত ঘটনাটি সংঘটিত হয় । ততাতৈয়াকৈ স্থানীয় ৰাইজে হৰিশিঙা আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় যদিও নিখোজ ছাত্ৰ দুজনক উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে স্থানীয় ৰাইজে । আনহাতে স্থানীয় লোকে নিজাববীয়াকৈ ছাত্ৰ দুজনক উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও এতিয়ালৈ কোনো সন্ধান পোৱা নাই ছাত্ৰ দুজনৰ । অৱশ্যে বুধবাৰে এছ ডি আৰ এফৰ দল হৰিশিঙাত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাব বুলি জানিব পৰা গৈছে ।
লগতে আন এটা বাতৰি - জোনাইত ৰাইজে মেৰামতি কৰিলে মথাউৰি