ওদালগুৰি, 19 এপ্ৰিল : শনিবাৰে কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ওদালগুৰি জিলা প্ৰশাসনে গ্ৰহণ কৰা কাৰ্য ব্যৱস্থাৰ বুজ ল’বলৈ ওদালগুৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ জিলাখনৰ সোণাইত থকা কোৱাৰেন্টাইন কেন্দ্ৰটি পৰিদৰ্শন কৰে আৰু উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক বৈঠকত মিলিত হয়। এই বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰীসহ মন্ত্ৰী ৰিহণ দৈমাৰী,মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো,পানেৰী সমষ্টিৰ বিধায়ক কমলী বসুমতাৰী, ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে জিলাখনৰ বহু কেইগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়া ।
ইয়াৰ পিছতে,মুখ্যমন্ত্ৰী সোণোৱালে উপায়ুক্তৰ কাৰ্যালয় চৌহদত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলৰ সহায়ৰ বাবে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰা বুলি জানিবলৈ দিয়ে। বহিঃৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে অসমৰ লোকসকলক সহায় কৰা প্ৰতিশ্ৰুতি দিয়ে বুলিও তেওঁ সংবাদ মেলত সদৰী কৰে। তাৰোপৰি তেওঁ বাগিছা শ্ৰমিকসকলৰ বাবে আনুষ্ঠানিকভাৱে বাগিচা কৰ্তৃপক্ষক মাস্ক প্ৰদান কৰে ।
লগতে পঢ়ক : লক ডাউনৰ বাবে প্ৰদূষণ হ্ৰাস পাইছে গুৱাহাটী মহানগৰীত