ETV Bharat / state

নতুন মোৰ লৈছে নয়নতৰা বৰুৱা হত্যাকাণ্ডই - ইউ এন ব্ৰহ্ম একাডেমী

ৰহস্যজনকভাৱে আৰক্ষীয়ে আটক কৰিলে নয়নতৰা বৰুৱাৰ স্বামী-পুত্ৰৰ লগতে ঘৰৰ বনকৰা মহিলাগৰাকীক ৷ যাৰ ফলত এতিয়া অধিক ৰহস্যঘন হৈ পৰিছে এই হত্যাকাণ্ডৰ ঘটনা ৷

another turn on nayantara baruah murder case

author img

By

Published : Jul 12, 2020, 5:02 AM IST

দৰং, 11 জুলাই : ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নয়নতৰা চহৰীয়া বৰুৱাৰ হত্যাকাণ্ডৰ নতুন মোৰ ৷ ৰহস্যজনকভাৱে আৰক্ষীয়ে আটক কৰিলে স্বামী উপেন্দ্ৰ বৰুৱা,জ্যেষ্ঠ পুত্ৰ হীৰকজ্যোতি বৰুৱা আৰু তেওঁলোকৰ ঘৰত কাম কৰা মহিলাগৰাকীক। এই মুহূৰ্তলৈ হত্যাকাৰী আটক হোৱা নাই যদিও আৰক্ষীয়ে স্বামী, পুত্ৰ আৰু বনকৰা মহিলাক আটক কৰা কাৰ্যই আন এক ৰহস্যৰ মাজলৈ লৈ গৈছে এই হত্যাকাণ্ডক।

উল্লেখ্য যে, যোৱা দেওবাৰে প্ৰাতঃভ্ৰমণলৈ আহি নিখোজ হৈছিল শিক্ষয়িত্ৰীগৰাকী ৷ পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত এক নং কলাইগাঁৱৰ সেনাবাহিনীৰ কেম্পৰ নিচেই কাষৰ ইউ এন ব্ৰহ্ম একাডেমীৰ পুখুৰীৰ সমীপত তেওঁৰ এপাত চেণ্ডেল উদ্ধাৰ কৰে ৷ এছ ডি আৰ এফ বাহিনীয়ে পুখুৰীটোত সন্ধান চলাই যদিও কোনো সন্ধান পোৱা নগ'ল মহিলাগৰাকীৰ ৷ তেনেতে ইউ এন ব্ৰহ্ম একাডেমীৰ ভিতৰৰপৰা অহা দুৰ্গন্ধৰ উৎসৰ সন্ধান কৰাত একাডেমীৰ ভিতৰত নয়নতৰা বৰুৱাৰ মৃতদেহ উদ্ধাৰ হয়। নয়নতৰা বৰুৱা বালিপাৰা হাইস্কুলৰ শিক্ষয়ত্ৰী আছিল। সেনাবাহিনীৰ শিবিৰৰ নিচেই কাষত সংঘটিত হোৱা ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । বহুতেই সন্দেহ প্ৰকাশ কৰিছে যে, ধৰ্ষণ কৰি হত্যা কৰা হৈছে নয়নতৰা বৰুৱাক ৷ অৰ্ণমাই বৰা হত্যাকাণ্ডৰ পাচত দ্বিতীয়গৰাকী শিক্ষয়ত্ৰী এইদৰে জিঘাংসাৰ বলি হোৱা বুলি সকলোৱে ধিক্কাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : নাতিনীয়েকৰ প্ৰহাৰত মৃত্যু হ'ল ৭০ বছৰীয়া আইতা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.