ৰৌতা, ১৫ ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰীৰ খবৰে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে । নিযুক্তি কেলেংকাৰীৰ (Assam job scam) পৰা আৰম্ভ কৰি বিভিন্ন বিভাগত সংঘটিত কেলেংকাৰীৰ খবৰে ৰাজ্যবাসীক চিন্তিত কৰি তুলিছে । যাৰ বাবে দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰ একপ্ৰকাৰ বিফল হোৱাৰ অভিযোগ কৰিছে বিভিন্নজনে ।
এইবাৰ কৃষি বিভাগত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী (Scam in Agriculture department)! বিভাগটোত প্ৰায় ৬০ কোটি ৭০ লাখ টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ উঠিছে । আৰ টি আই কৰ্মী তথা অধিবক্তা প্ৰণৱ জ্যোতি নাথে পোহৰলৈ আনিছে কৃষি বিভাগত সংঘটিত হোৱা এই কোটি টকীয়া কেলেংকাৰীৰ ভয়ংকৰ অভিযোগ ।
আৰটিআই কৰ্মীজনে জানিবলৈ দিয়া মতে, কংগ্ৰেছ চৰকাৰৰ দিনত ২০১০-১১ বৰ্ষত কৃষি বিকাশ যোজনাৰ অধীনত অসমলৈ কেন্দ্ৰীয় চৰকাৰে দ্বিতীয় কিস্তি হিচাপে মুকলি কৰি দিছিল এই ধনখিনি । ইয়াৰে 'Marketing Support To Farmers Through Auto Van' শিতানত কৃষকৰ বাবে ক্ৰয় কৰা বাহনত কেলেংকাৰী হোৱাৰ সন্দেহ কৰি বাহন ক্ৰয় তথা হিতাধিকাৰীৰ সবিশেষ বিচাৰি ২০২২ চনৰ ৯ মে'ত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই সম্পৰ্কে তথ্য বিচাৰি আৱেদন কৰিছিল । কিন্তু তেওঁ উল্লেখ কৰা মতে এই বিষয়ৰ তথ্য পাতিসমূহ তদন্তৰ বাবে জব্দ কৰিছিল চি আই ডিয়ে ।
যাৰ বাবে আৰ টি আইৰ তথ্যসমূহ প্ৰদানৰ পৰা বিৰত থাকে বিভাগটোৱে । কিন্তু এনে এটা বিষয়ত বছৰৰ পিছত বছৰ ধৰি চি আই ডিয়ে তদন্ত কৰি প্ৰতিবেদন দাখিল নকৰাত সৃষ্টি হৈছে ৰহস্যৰ (RTI activists on Agriculture department)। বৰ্তমানো কোনো অজ্ঞাত শক্তিৰ প্ৰভাৱত তদন্তৰ প্ৰতিবেদন দাখিল নকৰাৰ অভিযোগ কৰিছে আৰ টি আই কৰ্মী প্ৰণৱ জ্যোতি নাথে ।
ইয়াৰ জৰিয়তে দুৰ্নীতিক গাপ দিয়াৰো সন্দেহ কৰিছে আৰ টি আই কৰ্মীজনে । যাৰ বাবে এতিয়া এই সমগ্ৰ বিষয়টোত চি আই ডিৰ ভূমিকাক দুৰ্ভাগ্যজনক আখ্যা দিছে আৰ টি আই কৰ্মী তথা অধিবক্তা প্ৰণৱ জ্যোতি নাথে । ইফালে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰাৰ লগতে ইয়াৰ তদন্তৰ দাবী জনাইছে প্ৰণৱ জ্যোতি নাথে ।
লগতে পঢ়ক :বৰদোঙা বটাকুছিত এককালীন বান সাহায্য বিতৰণত অনিয়মৰ অভিযোগ