ETV Bharat / state

Bodoland University: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে পুনৰ সৰৱ এবছুৰ সভাপতি দ্বীপেন বড়ো

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 7:09 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে সৰৱ এবছুৰ সভাপতি দ্বীপেন বড়ো ৷ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ মিহিৰ কান্তি চৌধুৰীৰ বিৰুদ্ধে ৷

Bodoland University
এবছুৰ সভাপতি দ্বীপেন বড়ো
লাইশ্ৰাম লাড্ডু সিঙক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ এবছুৰ সভাপতিৰ

ৰৌতা, ৯ অক্টোবৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে পুনৰ সৰৱ এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো ৷ ৰাজভৱনৰ শৈক্ষিক উপদেষ্টা মিহিৰ কান্তি চৌধুৰীৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন ছাত্ৰ নেতাগৰাকীৰ ৷ দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ মিহিৰ কান্তি চৌধুৰীৰ বিৰুদ্ধে ৷

উল্লেখ্য যে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক বৰ্খাস্ত কৰাৰ দাবীৰে দীৰ্ঘদিনে ধাৰাবাহিক ভাৱে আন্দোলন কৰি আহিছে নিখিল বড়ো ছাত্ৰ সন্থাই ৷ কিন্তু এবছুৰ দাবীৰ প্ৰতি গুৰুত্ব দিয়া নাই চৰকাৰে ৷ তাৰ বিপৰীতে দুৰ্নীতি, ভ্ৰষ্টাচাৰত অভিযুক্ত উপাচাৰ্য গৰাকীক ৰাজভৱনৰ শৈক্ষিক উপদেষ্টা মিহিৰ কান্তি চৌধুৰীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে দ্বীপেন বড়োৱে ৷ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক বৰ্খাস্ত কৰি গ্ৰেপ্তাৰৰ কৰাৰ দাবীত ইতিমধ্যে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰা বুলি অৱগত কৰে এবছুৰ সভাপতিগৰাকীয়ে ৷

দ্বীপেন বড়োৱে কয় যে, উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিং যাব লাগিব ৷ তেখেতক বিদায় নিদিয়ালৈকে এবছু ক্ষান্ত নাথাকে ৷ আনহাতে আহি থকা দিনত উপাচাৰ্য গৰাকীৰ বৰ্খাস্তৰ দাবীৰে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ এবছুৰ সভাপতি দীপেন বড়োৰ ।

ইফালে এবছুৰ কাৰ্যালয়ৰ পৰা বিটিচি চৰকাৰ চলোৱা বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগ অস্বীকাৰ এবছুৰ সভাপতি দ্বীপেন বড়োৰ ৷ এই সন্দৰ্ভত তেওঁ কয় যে, এবছু জাতীয় সংগঠন ৷ জাতীয় সংগঠনে চৰকাৰ চলোৱাৰ কথা অবান্তৰ আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ৷ এবছুৱে জাতীয় স্বাৰ্থত কাম কৰি আছে আৰু কৰি যাব বুলি কয় তেওঁ ৷ হাগ্ৰামা মহিলাৰীয়ে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এনেবোৰ মন্তব্য আগবঢ়োৱা বুলি মন্তব্য কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷

লগতে পঢ়ক : Anganwadi workers protest: তেজপুৰত অংগনৱাড়ী কৰ্মী সহায়িকাৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.