ওদালগুৰি, 28 মাৰ্চঃ বুধবাৰে গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে বিজেপি-বিপিএফক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে গোৰ্খা জনসাধাৰণক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । সংগঠনটোৰ ওদালগুৰিৰ কাৰ্যালয়ত বৰ্ধিত কাৰ্যসভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে ডি ভোটাৰ, ভূমি সমস্যাকে ধৰি গোৰ্খাসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও প্ৰতিশ্ৰুতিয়ে বাস্তৱ ৰূপ লাভ নকৰাত এই সিদ্ধান্ত লোৱা হয় ৷ একদেৰে বিটিএডিত বসবাস কৰা গোৰ্খা জনগোষ্ঠী লোকসকলো সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ কৰি দুয়োটা দলকে প্ৰত্যাখ্যান কৰিবলৈ গোৰ্খা জনসাধাৰণক আহ্বান জনায় সংগঠনটোৱে ৷ কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকে জিলা সভাপতি সোমৰাজ সোণাৰ আৰু বিটিচি ক্ষেত্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰোহিত কুমাৰ দাহাল ৷
বিজেপি-বিপিএফে পাবনে গোৰ্খাসকলৰ ভোট? - বিজেপি
গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে বিজেপি-বিপিএফক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে গোৰ্খা জনসাধাৰণক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে ডি ভোটাৰ, ভূমি সমস্যাকে ধৰি গোৰ্খাসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও প্ৰতিশ্ৰুতিয়ে বাস্তৱ ৰূপ লাভ নকৰাত এই সিদ্ধান্ত লোৱা হয় ৷