ETV Bharat / state

অৰুণাচলত অব্যাহত নিৰুদ্দিষ্ট বিমানৰ উদ্ধাৰ অভিযান - etv bharat assam

সোমবাৰে ভাৰতীয় বায়ু সেনা বাহিনীৰ  যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে যোৱা এন্টনোভ AN-32 মালবাহী জাহাজৰ উদ্ধাৰ কাৰ্যত প্ৰতিকুল বতৰে বাধাৰ সৃষ্টি কৰে যদিও পুনৰ আৰম্ভ হৈছে উদ্ধাৰ অভিযান ৷

অৰুণাচলত অব্যাহত নিৰুদ্দিষ্ট AN-32 বিমানৰ উদ্ধাৰ অভিযান
author img

By

Published : Jun 9, 2019, 12:30 PM IST

Updated : Jun 9, 2019, 12:49 PM IST

তেজপুৰ ,০৯ জুন : সপ্তম দিনতো অব্যাহত আছে অৰুণাচলত নিৰুদ্দিষ্ট AN-32 বিমানৰ উদ্ধাৰ অভিযান ৷ সোমবাৰে ভাৰতীয় বায়ু সেনা বাহিনীৰ যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে যোৱা এন্টনোভ AN-32 মালবাহী জাহাজৰ উদ্ধাৰ কাৰ্যত প্ৰতিকুল বতৰে বাধাৰ সৃষ্টি কৰে যদিও পুনৰ আৰম্ভ হৈছে উদ্ধাৰ অভিযান ৷

ইতিমধ্যে সন্ধান দিব পৰা লোকক বায়ুসেনা বাহিনীয়ে ৫ লাখ টকাৰে আৰু অৰুণাচল প্ৰদেশ চৰকাৰে নিৰুদ্দিষ্ট বিমানৰ লগতে ১৩ জন ব্যক্তিৰ সন্ধান দিওঁতাক ৫০,০০০ টকাৰে পুৰস্কৃত কৰিব বুলি ঘোষণা কৰিছে ৷ সেই মৰ্মে, বিমানখনৰ সন্ধান পালে যোগাযোগৰ বাবে ০৩৭৮-৩২২২১৬৪, ৯৪৩৬৪-৯৯৪৭৭, ৯৪০২০-৭৭২৬৭ আৰু ৯৪০২১-৩২৪৭৭ নম্বৰ মুকলি কৰি দিছে বায়ুসেনা বাহিনীয়ে ।

প্ৰতিকূল বতৰে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি কৰিছে  অৰুনাচলত  ৷

৭ম দিনাৰ  বায়ুসেনাৰ উদ্ধাৰ  অভিযান অৰুনাচলত  নিৰুদিষ্ট বায়ু সেনাৰ AN-32 বিমানৰ 

তেজপুৰ ,০৯ জুন : ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশিলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী জাহাজৰ উদ্ধাৰ কাৰ্যত আজি অভিযানত প্ৰতিকুল বতৰে অশুবিধাৰ সৃষ্টি কৰাৰ পিছত দুপৰীয়াৰ অভিযান আৰম্ভ হৈছে ৷
বায়ুসেনা বাহিনীয়ে শনিবাৰে সন্ধান দিব পৰা লোকক ৫ লাখ টকাৰে পুৰস্কিত কৰিব বুলি ঘোষনা কৰাৰ লগতে অৰুনাচল প্ৰদেশৰ চৰকাৰেও নিৰুদিষ্টি বিমানৰ লগতে ১৩ জন ব্যক্তিৰ সন্ধান দিওতাক ৫০, ০০০   টকাৰে পুৰস্কিত কৰিব ৷আনহাতে বায়ু সেনা বাহিনীৰ লগত যোগাযোগ কৰিবলৈ  কেতবোৰ নম্বৰ ঘোষনা কৰিছে ৷ বিমানখনৰ সন্ধান পালে ০৩৭৮-৩২২২১৬৪, ৯৪৩৬৪-৯৯৪৭৭, ৯৪০২০-৭৭২৬৭ আৰু ৯৪০২১-৩২৪৭৭ নম্বৰত খবৰ দিব পাৰিব। প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব ৫ লাখ টকাকৈ আৰু প্ৰতিটো গোটকে পুৰষ্কৃত কৰিব বায়ুসেনাই।
উল্লেখযোগ্য মেচুকা আৰু আল'ৰ মাজত থকা কায়ংৰ অতব্য অৰণ্যত স্থানীয় লোক সেনা বাহিনীৰ লগত অভিযান আৰম্ভ কৰিছে ৷আল'ৰ পৰা কায়ঙৰ মাজত দুৰত্ব ৪৫ কিঃ মিঃ আৰু মেচুকাৰ পৰা কায়ংলৈ ১৪০ কিঃ মিঃ ৷

ফটো : আল আৰু কায়ংৰ মাজৰ দৃশ্য ৷
Last Updated : Jun 9, 2019, 12:49 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.