ETV Bharat / state

ফিল্ম ফেয়াৰে নকৰে অসমৰ পৰ্যটনৰ বিকাশঃ দিলীপ নাথ

author img

By

Published : Nov 27, 2019, 10:59 PM IST

ৰাজ্য চৰকাৰৰ ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠিত কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথৰ ৷ বুধবাৰে তেজপুৰত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত এই সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰে দিলীপ নাথে ৷

RTI activist Dilip Nath slam Assam govt decision film fair award
ফিল্ম ফেয়াৰে নকৰে অসমৰ পৰ্যটনৰ বিকাশঃদিলীপ নাথ

তেজপুৰ, 27 নৱেম্বৰঃ অসম চৰকাৰে পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে আয়োজন কৰিবলৈ ওলাইছে ফিল্ম ফেয়াৰ এৱাৰ্ডৰ ৷ বলিউডৰ নামি দামী তাৰকাৰে সমৃদ্ধ হ’বলগীয়া এই এৱাৰ্ড অনুষ্ঠানৰ বাবে অসম চৰকাৰে ধাৰ্য কৰিছে 23 কোটি টকা ৷ কিন্তু চৰকাৰৰ উক্ত সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰে বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথৰ ৷ বুধবাৰে তেজপুৰত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত এক সংবাদমেল আয়োজন কৰি নাথে কয় যে, ‘মুম্বাইৰ শিল্পীক বঁটা প্ৰদানৰ নামত অসম চৰকাৰে যদি ২৩ কোটি টকা খৰচ কৰিব পাৰে , তেন্তে বান পীড়িত লোকৰ সাহাৰ্যৰ বাবে চৰকাৰে ৰাইজৰ দান বৰঙণি সংগ্ৰহ কিয় কৰিব লাগে’ ৷ গতিকে ৰাইজে দিয়া বৰঙনি তেখেতে চৰকাৰক ওভটাই দিবলৈ আহ্বান জনায় ৷

উক্ত সংবাদমেলত নাথে ৰাজ্যৰ পৰ্যটন বিভাগৰ পুতৌ লগা ছবিখন দাঙি ধৰে ৷ ঢেকীয়াজুলিত কোটি টকাৰ ব্যয় কৰি চাৰি বছৰ পূৰ্বে নিৰ্মাণ কৰা প্ৰশান্তি ল’জৰ পৰিত্যক্ত অৱস্থাৰ কথাও ব্যক্ত কৰে ৷ আনহাতে, অসমৰ শিল্পীসকলক চৰকাৰে কোনো দিনে শয্যাগত অৱস্থাত সহায় নকৰে বুলি মন্তব্য কৰে দিলীপ নাথে ৷ এইক্ষেত্ৰত তেখেতে অভিনেতা নিপন গোস্বামীৰ উদাহৰণ দাঙি ধৰে ৷ লগতে, মাজুলী ৰাসৰ বিপৰীতে নলবাৰী ৰাসত পৰ্যটকৰ অনুপস্থিতিয়ে পৰ্যটন বিভাগৰ প্ৰকৃত ছবিখনক উদঙাই দিয়া বুলি কয় আৰ টি আই কৰ্মীগৰাকীয়ে ৷

লগতে পঢ়ক- নাৰেংগী সেনা শিবিৰৰ কেণ্টিনত গ্ৰাহকৰ ৰূপত বনৰীয়া হাতী

Intro:তেজপুৰ,২৭ নৱেম্বৰ: ফিল্ম ফেয়াৰ এৱাৰ্ড নামত মুম্বাইৰ শিল্পীক বঁটা প্ৰদানৰ নামত অসম চৰকাৰে যদি ২৩ কোটি টকা খৰচ কৰিব পাৰে , তেন্তে বান পীড়িত লোকৰ সাহাৰ্যৰ বাবে চৰকাৰে ৰাইজৰ দান বৰঙণি সংগ্ৰহ কিয় কৰিব লাগে ? গতিকে ৰাইজে দিয়া বৰঙণি ঘূৰাই দিবলৈ আহ্বান ।
এই প্রশ্ন আমাৰ নহয় বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথৰ ।

Body:আজি তেজপুৰত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত এক সংবাদ মেলৰ আয়োজন কৰি নাথে কয় যে ফিল্ম ফেয়াৰ বঁটা প্ৰদানৰ বিৰুদ্ধে সকলো দল সংগঠনক ওলাই আহিবলৈ আহ্বান জনায় । তেওঁ কয় যে এই অনুষ্ঠানৰ পৰা অসমৰ পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰত কোনো বিকাশ নহয় বুলি বক্তব্য ৰাখে ।
Bite: দিলীপ নাথ ,
নাথে পুনৰ কয় যে ,এই টকাৰে বান পীড়িতক সাহাৰ্য্য প্ৰদান আৰু হস্তী মানুহৰ সংঘাতৰ বলি হোৱা লোকৰ পাবলগীয়া ধন আদায় দিয়াৰ দাবী জনায় ।

Conclusion:সংবাদ মেলত নাথে ৰাজ্যৰ পৰ্যটন বিভাগৰ পুতৌ লগা ছবিখন দাঙি ধৰি তেওঁ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ত কোটি টকাৰ ব্যয় কৰি চাৰি বছৰ পূৰ্বে নিৰ্মাণ কৰা প্ৰশান্তি ল'জৰ তলা আজিও খোলা নাই বুলি কয় ।আনহাতে অসমৰ শিল্পীসকলক চৰকাৰে কোনো দিনে শয্যাগত অৱস্থাত সহায় কৰাটো দূৰৰ কথা এষাৰ মাত লগাবলেও সময় নাই, তাৰ উদাহৰণ বিশিষ্ট অভিনেতা নিপন গোস্বামী ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
২৭/১১/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.