গুৱাহাটী, ১৪ ডিচেম্বৰ : কৃষি আইন প্ৰত্যাহাৰৰ দাবীত সোমবাৰে পুনৰবাৰ উত্তাল হ’ল গুৱাহাটী মহানগৰ ৷ প্ৰায় পাঁচ শতাধিক কৃষক শ্ৰমিকে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷ এম এচ পি পুনৰ প্ৰৱৰ্তনৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াঁজ, দালি আদি কৰ্তনৰ তীব্ৰ বিৰোধিতাৰে দিনজোৰা প্ৰতীবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে কৃষক মুক্তিকে আদি কৰি ভালে কেইটা সংগঠনে ৷
সৰ্বভাৰতীয় কৃষক সংঘৰ সমন্বয় সমিতিৰ আহ্বান মৰ্মে কৃষক বিৰোধী আইন আৰু বিদ্যুৎ বিল প্ৰত্যাহাৰৰ দাবীত সোমবাৰে গুৱাহাটী ৰটাৰী ক্লাৱত ৰূপায়িত হ’ল যৌথ কৃষক সমাৱেশ ৷ প্ৰতিবাদী কৃষকসকলৰ দাবী-“মোদীৰ নেতৃত্বত দেশত চৰম ফেচিবাদৰ শাসন চলিছে ৷ কৃষক মুক্তিয়ে আৰম্ভণিৰে পৰা কৃষি আইনৰ বিৰোধিতা কৰি আহিছে ৷ এই আইন আমি কোনো কাৰণতে মানি ল’ব নোৱাৰো ৷ বিশেষকৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াঁজ,দালি আদিৰ নাম কৰ্তন কৰাটো কোনো কাৰণতে মানি ল’ব নোৱাৰো ৷”
উল্লেখ্য যে সমগ্ৰ দেশৰ লগতে অসমতো কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইন প্ৰত্যাহাৰৰ লগতে সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত বিভিন্ন দল সংগঠনে ধাৰাবাহিকভাবে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷
লগতে পঢ়ক : ৰাইজক অন্ধকাৰত ৰাখি কোনো কাম নকৰো: লুৰীণজ্যোতি গগৈ