ETV Bharat / state

চিৰাঙত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠন - financial_co_operative_society

ঋণ দিয়াৰ নামত প্ৰতাৰণা সাধাৰণ ৰাইজক

চিৰাঙত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠন
author img

By

Published : Feb 16, 2019, 5:21 PM IST

চিৰাং,১৬ ফেব্ৰুৱাৰীঃ চিৰাঙত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ পয়োভৰ । পোহৰলৈ আহিছে ভুৱা প্ৰতিষ্ঠানৰ লুন্ঠনৰ ভয়ংকৰ তথ্য় । জিলাখনৰ ছিদলী থানাৰ অন্তৰ্গত সুন্দৰি বজাৰত থকা মেচাৰ্ছ বড়োলেণ্ড কো-অপাৰেটিভ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট ছোচাইটী লিমিটেড নামৰ বেচৰকাৰী সংস্থাটোৰ এই কাণ্ড পোহৰলৈ আহিছে । ইতিমধ্য়ে তিনিজন লোকক আটক আৰক্ষীৰ ।

চিৰাঙত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠন
সংস্থাটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি চিৰাং জিলাৰ বিভিন্ন প্ৰান্তে প্ৰান্তে প্ৰৱেশ কৰি সংস্থাটিয়ে ঋণ দিয়াৰ নামত আত্ম সহায়ক গোট সমুহৰ পৰা ২১০০ কৈ টকা লোৱাৰ লগতে দলিলত চহী কৰি পৃথকে আৰু ৫০০ কৈ টকা লৈছিল।তাৰ বিনিময়ত সংস্থাটিয়ে আত্ম সহায়ক গোট সমূহলৈ ৩০,০০০কৈ টকা ঋণ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। দীৰ্ঘ দিনৰ পৰা ঋণ দিয়াৰ নামত ভিতৰুৱা গাঁও অঞ্চলৰ পুৰুষ মহিলা সকলক প্ৰতাৰণা কৰি আহিছিল সংস্থাটোৱে।
undefined

আত্ম সহায়ক গোটৰ লোকসকলে সংস্থাটিৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত হৈ "ঋণ দিয়ক নহলে টকা ঘুৰাই দিয়ক "বুলি ধ্বনি দি পৰিস্থিতি উত্তপ্ত কৰি তোলে । ইফালে সংস্থাৰ বিষয় ববীয়া সকলে ওলোটাই টকা দিয়া লোক সকলকে ধমকি দিয়ে । ফলত পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱাত চিদলী থানাৰ আৰক্ষীয়ে আহি কাৰ্য্যালয়ৰ পৰা তিনিজন কৰ্মচাৰীক থানালৈ লৈ যায় ।উক্ত ব্য়ক্তি তিনিজন ক্ৰমে কোকৰাঝাৰৰ ছালাকাটীৰ প্ৰবীন বসুমতাৰী, চিৰাঙৰ সুন্দৰীৰ সুৰেন্দ্ৰ বসুমতাৰী আৰু ৰাহুল নাৰ্জাৰী । ইতিমধ্যে সংস্থাটোৰ সভাপতি মেৰিনা বৰগয়াৰী আৰু সম্পাদক সুকুশ্ৰি বসুমতাৰীয়ে সেই স্থানৰ পৰা পলায়ন কৰে বুলি জনায় উত্তেজিত লোকসকলে ।

Intro:চিৰাঙত ভূৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠন,উত্তেজিত লোকৰ আক্ৰমনৰ পৰা ৰক্ষা কৰিবলৈ থানালৈ প্ৰৱঞ্চক । 

চিৰাঙত ভূৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠনৰ তথ্য পোহৰলৈ আহিছে । জিলাখনৰ ছিদলী থানাৰ অন্তৰ্গত সুন্দৰি বজাৰত থকা মেচাৰ্ছ বড়োলেণ্ড কো-অপাৰেটিভ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেন্ট ছোচাইটী লিমিটেড নামৰ বেচৰকাৰী সংস্থাটোৰ এই কাণ্ড । সংস্থাটোৰ প

বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি চিৰাং জিলাৰ বিভিন্ন প্ৰান্তৰ গাৱে ভূঞে প্ৰৱেশ কৰি সংস্থাটিয়ে ঋণ দিয়াৰ নামত আত্ম সহায়ক গোট সমুহৰ পৰা ২১০০ (একুইচশ) কৈ টকা লোৱাৰ লগতে পৃথকে আৰু ৫০০ (পাঁচশ)কৈ টকা লৈছিল দলীলত চহী কৰি । তাৰ বিনিময়ত সংস্থাটিয়ে আত্ম সহায়ক গোট সমুহলৈ ৩০,০০০(ত্ৰিশ হেজাৰ)কৈ টকা ঋণ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্ত দীৰ্ঘ দিনৰ পৰা ঋণ দিয়াৰ নামত ভিতৰুৱা গাঁও অঞ্চলৰ পুৰুষ মহিলা সকলক প্ৰতাৰনা কৰি আহিছিল । তেওঁলোকে যি দলীলত ঋণ দিয়াৰ বাবদ ২১০০শ কৈ টকা লৈছিল তাত সংস্থাটোৰ মুখ্য কাৰ্য্যালয় কোকৰাঝাৰ বুলি দিয়া আছিল । কিন্ত আত্মসহায়ক গোট সমুহে কোকৰাঝাৰত তন্ন তন্নকৈ বিচাৰি নাপাই চিৰাঙতো বিচাৰে তেতিয়া চিৰাং জিলাৰ সুন্দৰিত সংস্থাটোৰ মুখ্য কাৰ্যালয় উদ্ধাৰ হয় । আজি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ঋণ লোৱাৰ বাবদ টকা দিয়া পুৰুষ মহিলা সকলে আহি  আবেলি সংস্থাটিৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত হৈ ঋণ দিয়ক নহলে টকা ঘুৰাই দিয়ক বুলি কোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু সংস্থাৰ বিষয় ববীয়া সকলে ওলোটাই টকা দিয়া লোক সকলক ধমকি দিয়ে । তেতিয়া পৰিস্থিতি অধিক উত্তপ্ত হোৱাত চিদলী থানাৰ আৰক্ষীয়ে আহি তিনিজন লোকক থানালৈ নিয়ে । উক্ত তিনিজন ক্ৰমে কোকৰাঝাৰৰ ছালাকাটীৰ প্ৰবিন বসুমতাৰী, চিৰাঙৰ সুন্দৰীৰ সুৰেন্দ্ৰ বসুমতাৰী আৰু ৰাহুল নাৰ্জাৰী । ইতিমধ্যে সংস্থাটোৰ সভাপতি মেৰিনা বৰগয়াৰী আৰু সম্পাদক সুকুশ্ৰি বসুমতাৰী পলায়ন কৰে বুলি জনায় উত্তেজিত লোকসকলে । আত্ম সহায়ক গোটৰ লোকসকলে আৰু জনায় যে ঋণ দিয়াৰ বাবদ তেওঁলোকে চেক দিছিল বহু কেইজনক কিন্ত চেকবোৰো ভূৱা আছিল বুলি প্ৰমানিত হৈছে বেংকত । সেয়ে আজি লোকসকলে আহি এইদৰেই ঋনৰ বাবদ দিয়া টকা ঘুৰাই বিচৰাত হৈ প্ৰকৃত তথ্য পোহৰলৈ আহে । ইতিমধ্য এই ভূৱা সংস্থাটোৰ বিৰুদ্ধে চিদলী থানাত কেবাজনো লোকে গোচৰ দিয়া বুলিও জনা । আটকাধীন লোক সকল এই বাতৰি লিখা সময়লৈ চিদলী থানাতে আছে । মুঠতে দৰিদ্ৰ লোকৰ মুৰত ৰাম টাঙোন দি টকা ঘটা এই সমুহ ভূৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহন কৰাৰ দাবী জনায় ভূক্তভোগী লোকসকলে । 

বাইট : প্ৰতাৰনাৰ বলি ভূক্তভোগী তিনিজন লোকৰ বাইট দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বাইট : প্ৰতাৰনাৰ বলি ভূক্তভোগী তিনিজন লোকৰ বাইট দিলো ।

Conclusion:মুঠতে দৰিদ্ৰ লোকৰ মুৰত ৰাম টাঙোন দি টকা ঘটা এই সমুহ ভূৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহন কৰাৰ দাবী জনায় ভূক্তভোগী লোকসকলে । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.