তিনিচুকীয়া,১২ জুন: ৰাজ্যত যেন পুনৰ বৃদ্ধি পাইছে বহিৰাগত বণিয়াৰ অতপালি । ভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্ত সংঘটিত হৈ আহিছে এনে চাঞ্চল্যকৰ ঘটনা । কেতিয়াবা যদি দল-সংগঠনৰ নেতা, আন কেতিয়াবা আকৌ সাধাৰণ জনতা । এইবাৰ তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ বহিৰাগত বণিয়াৰ হাতত আক্ৰমণৰ বলি হ’ল এজন খিলঞ্জীয়া যুৱক ৷ অনলাইন সামগ্ৰী ডেলিভাৰী দিবলৈ যোৱাৰ সময়ত সৰু কথাতে উদণ্ড বহিৰাগত বণিয়াৰ প্ৰহাৰত ৰক্তাক্ত তিনিচুকীয়াৰ এগৰাকী খিলঞ্জীয়া যুৱক ।
তথ্য অনুসৰি দেওবাৰে সন্ধিয়া তিনিচুকীয়াৰ গেলাপুখুৰী পথৰ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সমীপৰ এলাইট টাৱাৰ নামৰ ফ্লেটৰ তৃতীয় মহলাৰ 304 ৰ নিবাসী বিতৰ্কিত বহিৰাগত বনিয়া গৌৰৱ ধানুকা নামৰ ব্যক্তিজনে সৰু কথাতে Amazon ৰ সামগ্ৰী বিতৰণ কৰিবলৈ যোৱা খিলঞ্জীয়া যুৱক অংকিত দত্তক অশ্লীল ভাষাৰে গালি গালাজ পাৰি পিছফালৰ পৰা কাঠৰ টুকুৰাৰে মূৰত প্ৰহাৰ কৰি ৰক্তাক্ত কৰে ।
লগতে পঢ়ক: Neel Abhi mob lynching : নগাঁও আদালতত চলি আছে নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি
যাৰ পৰিপ্ৰেক্ষিতত যুৱকজন অচেতন হৈ পৰে ৷ উক্ত ঘটনাৰ খবৰ পোৱা লগে লগে সামগ্ৰী দিবলৈ যোৱা যুৱকজনৰ সতীৰ্থ সকলে ভুক্তভোগীক আহত যুৱকজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ ঘটনা খবৰ বিয়পি পৰাত পৰিস্থিতি বিষম দেখি গোপনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বিতৰ্কিত বহিৰাগত বণিয়া গৌৰৱ ধানুকাই ।
সোমবাৰে পুৱাই ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকজনে সদৰ থানাত এজাহাৰ দাখিল কৰে আৰু পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰক্ষীয়ে গুইজানৰ পৰা আটক কৰে অভিযুক্ত গৌৰৱ ধানুকাক ৷ উল্লেখ্য যে, তিনিচুকীয়াত একাংশ বহিৰাগত বণিয়াৰ অতপালি দিনক দিনে বৃদ্ধি পাবলৈ ধৰাত চিন্তিত হৈ পৰিছে সচেতন সমাজ ৷ গতিকে এনে ক্ষেত্ৰত উচিত ব্যৱস্থা ল’বলৈ আৰক্ষী, জিলা প্ৰশাসনক আহ্বান জনাইছে তিনিচুকীয়া আছুয়ে ৷
লগতে পঢ়ক: Assam Erosion news: গৰাখহনীয়া ৰোধৰ চেষ্টা ব্যৰ্থ চৰকাৰৰ, এসপ্তাহত জাহ গ’ল বাৰটাকৈ পৰিয়ালৰ ঘৰ-ভেঁটি