ETV Bharat / state

পেৰাগ্লাইণ্ডিঙেই হ’ল গৈ কাল; SKYLAND ৰিজ’ৰ্টত মৃত্যু যুৱকৰ

তিনিচুকীয়াৰ সমীপৰ গুইজানত ভয়ংকৰ ঘটনা ৷ পেৰাগ্লাইডিং কৰি থকা অৱস্থাত যুৱক আহত ৷ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে যুৱকজনৰ (Youth dies after falls down from paraglider) ৷

author img

By

Published : Jan 27, 2022, 1:11 PM IST

Updated : Jan 27, 2022, 9:47 PM IST

youth-dies-after-falls-from-paraglider-in-guijan-tinsukia
পেৰাগ্লাইণ্ডিঙেই হ’ল গৈ কাল; SKYLAND ৰিজ’ৰ্টত মৃত্যু যুৱকৰ

তিনিচুকীয়া, 27 জানুৱাৰী : তিনিচুকীয়াৰ গুইজানত অঘটন ৷ গুইজানৰ সমীপৰ ডিব্ৰু নদীৰ পাৰত অস্থায়ীভাৱে স্থাপন কৰা স্কাইলেণ্ড নামৰ এখন ৰিজ’ৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ ৰিজ’ৰ্টখনত পেৰাগ্লাইডিং কৰি আছিল এগৰাকী যুৱকে (Paragliding at Skyland resort in Tinsukia) ৷ কিন্তু আকস্মিকভাৱে যুৱকগৰাকী ওপৰৰ পৰা সৰি পৰে মাটিত ৷ যাৰ ফলত তেওঁ আহত হয় ৷

আহত যুৱকজনক ততালিকে ৰিজ’ৰ্টখনত উপস্থিত থকা আন আন লোকসকলৰ সহযোগত উন্নত চিকিৎসাৰ অৰ্থে জৰুৰীকালীনভাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু গুৰুতৰভাৱে আহত যুৱকজনৰ আদবাটতে মৃত্যু ঘটে (Youth dies after falls from paraglider) ৷ মৃত যুৱকজন লখিমপুৰৰ নাওবৈচাৰ পংকজ গগৈ বুলি জানিব পৰা গৈছে ৷

যুৱকজনৰ মৃত্যুৰ লগে লগে প্ৰশ্ন উত্থাপন হৈছে ৰিজ’ৰ্টখন স্থাপনৰ বৈধতাৰ সন্দৰ্ভত ৷ কিয়নো জানিব পৰা মতে, ডিব্ৰু নদীৰ বালিচৰত সঞ্জয় দাস আৰু প্ৰসন্ন দাস নামৰ ব্যক্তি দুজনে অবৈধভাৱে স্থাপন কৰিছিল স্কাইলেণ্ড নামৰ ৰিজ’ৰ্টখন (Skyland resort in Tinsukia)৷ যাৰ বাব সময়ে সময়ে স্থানীয় বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল ৷

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' ছেনছেটিভ জ'নৰ ভিতৰত নীতি বহিৰ্ভূতভাৱে স্থাপন কৰা ৰিজ’ৰ্টখন জিলা প্ৰশাসনে পূৰ্বতেই বন্ধৰ নিৰ্দেশ দিছিল ৷ প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি দুই ব্যৱসায়ীয়ে পুনৰ কেনেদৰে ৰিজ’ৰ্টখন চলাই নিছিল, তাকলৈও এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ৷ ইফালে, এই শোকাবহ ঘটনাক সহজ ভাবে লব পৰা নাই অঞ্চলটোৰ সচেতন মহলে ।

ঘটনাক লৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদকে ডিব্ৰু নদীৰ বালিচৰত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ চেনচিটিভ জ’নৰ সমীপত,সঞ্জয় দাস আৰু প্ৰসন্ন দাস নামৰ ব্যক্তিদুজনে কেৱল শাসকীয় পক্ষৰ লগত জড়িত তথা লাহোৱাল সমষ্টিৰ বিধায়কৰ ঘনিষ্ঠ হোৱাৰ বাবেই অবৈধ ভাবে স্থাপন কৰা আৰু সম্পূৰ্ণ অবৈধ বুলি জানিও সেই ৰিজৰ্ট খন বন্ধ কৰিবলৈ জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে ৷

সম্পূৰ্ণ ভাৱে অবৈধ তথা ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি ভাবুকি স্বৰূপ স্কাইলেণ্ড নামৰ ৰিজৰ্টখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰেই বন্ধ কৰাৰ দাবী জনায় ছাত্ৰ সন্থাই ৷সমান্তৰালভাৱে এই ৰিজৰ্ট খনৰ স্বত্বাধিকাৰী সঞ্জয় দাস আৰু প্ৰসন্ন দাসৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাইয়ে । তাৎপৰ্যপূৰ্ণ যে সঞ্জয় দাস বি জে পিৰ পৰা নিৰ্বাচিত জিলা পৰিষদৰ সদস্য ।

লগতে চাওক: গঁড় দেখি বাঁহ গছত উঠিল কোন ?

Last Updated : Jan 27, 2022, 9:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.