ETV Bharat / state

Mill labor death: আটা মিলত কৰ্মৰত অৱস্থাত আঘাতপ্ৰাপ্ত হৈ যুৱকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 10:21 PM IST

যোৱা ১২ ছেপ্টেম্বৰত শিৱশক্তি আটা মিলত কৰ্মৰত অৱস্থাত তিনি মহলীয়া অট্টালিকাৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা অশোক গড়ৰ সোমবাৰে মৃত্যু হয় ৷ ইয়াৰ পিচতে শ্ৰমিকজনৰ মৃত্যুক লৈ অভিযোগ প্ৰতি-অভিযোগৰ সৃষ্টি হৈছে স্থানীয় দল সংগঠন আৰু পৰিয়ালৰ লোকৰ মাজত ৷

Mill labor death
শিৱশক্তি আটা মিলত কৰ্মৰত অৱস্থাত আঘাতপ্ৰাপ্ত হৈ যুৱকৰ মৃত্যু

তিনিচুকীয়া, ১৯ ছেপ্টেম্বৰ: তিনিচুকীয়াৰ শিৱধামৰ সমীপত অৱস্থিত শিৱশক্তি আটা মিলত যোৱা ১২ ছেপ্টেম্বৰত কৰ্মৰত অৱস্থাত তিনি মহলীয়া অট্টালিকাৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল শুকানপুখুৰীৰ ৪ নং লাইনৰ নিবাসী অশোক গড় ৷ তাৰ পিচতেই সংকটজনক অৱস্থাত চাবুৱাৰ চেইন্ট লুকচ্‌ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আহত অশোকক ৷ ইয়াৰ পিচতেই সোমবাৰে চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় অশোকৰ ।

কোনো ধৰণৰ সুৰক্ষা নোহোৱাকৈ, শ্ৰমিক আইন উলংঘা কৰি কৰ্মত নিয়োজিত কৰি এনেদৰে যুৱকজনৰ মৃত্যু হোৱাটো অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতি আৰু অসম গড় সমাজ তিনিচুকীয়া জিলা সমিতিয়ে সহজভাৱে ল’ব পৰা নাই। সেয়েহে আজি আটা মিলটোৰ প্ৰাংগনত সংগঠনকেইটাই মালিকপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠাৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । মিলটোৰ স্বত্বাধিকাৰী মুৰাৰীলাল শিৱাচিয়াৰ বুলি জানিব পৰা গৈছে ৷

মৃত যুৱকজনৰ পৰিয়ালবৰ্গক ক্ষতিপূৰণ দিবলৈ সংগঠনকেইটাই দাবী জনোৱাৰ লগতে শ্ৰমিক আইন উলংঘা কৰাৰ বাবে তিনিচুকীয়া সদৰ আৰক্ষী থানাত স্বত্বাধিকাৰী শিৱাচিয়াৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে ৷ ইয়াৰ উপৰিও স্বত্বাধিকাৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদমাধ্যমৰ যোগেদি আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ।

ইফালে, পৰৱৰ্তী সময়ত মৃত শ্ৰমিকগৰাকীৰ পৰিয়ালৰ লোকৰ লগতে অৰ্ধশতাধিক লোক তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হৈ সৰৱ হৈ পৰে প্ৰতিবাদকাৰী সংগঠনৰ ওপৰত ৷ পৰিয়ালৰ লগত এই প্ৰতিবাদকাৰী সংগঠনৰ নেতৃত্বই কোনো যোগাযোগ নকৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে যুৱকজন জীৱিত থকা সময়ত সংগঠনকেইটাই কোনো সহায় কৰা নাই বুলি জাঙুৰ খাই উঠে ৷ এতিয়া মৃত্যু হোৱাৰ পিচত বক্ৰ পথে মুনাফাৰ আশাত সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি সৰৱ হৈ পৰে পৰিয়ালৰ লোকসকল ৷

লগতে পঢ়ক: Ranee Narah interrogated by CM Vigilance: পাঁচ ঘন্টা জেৰাৰ পিচত যাবলৈ দিয়া হ’ল প্ৰাক্তন সাংসদ ৰাণী নৰহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.