শদিয়া,17মেঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত শদিয়া সমষ্টিৰ যুৱ-কংগ্ৰেছেৰ সংবাদমেলৰ আয়োজন ৷ কেইদিনমানৰ আগতে বিধায়ক বলিন চেতিয়াৰ বিধায়ক আবাসৰ পৰা নিজ গৃহলৈ জোৱা খেলৰ ১৭লাখকৈ টকা লৈ যোৱাৰ অৱস্থাত আৰক্ষীয়ে দুজনকৈ যুৱকক আটক কৰা ঘটনাক আদৰণি জনোৱাৰ লগতে বিধায়ক বলিন চেতিয়াকো আইনীৰ ব্যৱস্থাৰ আউতালৈ আনিবলৈ কংগ্ৰেছে আহ্বান জনায় মুখ্যমন্ত্ৰীক ৷ সমান্তৰালভাবে তিনিচুকীয়া জিলাখনত চলি থকা অবৈধ কয়লা সৰবৰাহ বন্ধ কৰাৰো দাবী জনায় যুৱ কংগ্ৰেছে ৷
কাকপথাৰ পৰিদৰ্শন বাংলোত আয়োজন কৰা সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বিৰিঞ্চী নেওঁগ, শদিয়া যুৱ কংগ্ৰেছৰ সম্পাদক প্ৰতীম সোনোৱাল উপস্থিত থাকে ৷ ক‘ৰণাৰ সময়ত দেশত জনপ্ৰতিনিধি সকলে ৰাইজৰ সেৱাত জড়িত হৈ পৰাৰ সময়ত শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া আৰু মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই এইদৰে জোৱা খেলি, বিলাসিতা কৰি ১৭লাখকৈ টকা নিজ গৃহলৈ নিয়াৰ অৱস্থাত আৰক্ষীৰ হাতত গ্ৰেপ্টাৰ হোৱা ঘটনাত সমষ্টিবাসী লজ্জাজনক হোৱা বুলি মত প্ৰকাশ কৰে ৷
লগতে পঢ়কঃ গোৱালপাৰাত অংগনবাড়ী কৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ