ETV Bharat / state

অসম-অৰুণাচল সীমান্তৰ লেখাপানীত সেনাৰ সন্ত্ৰাস, নিৰীহ যুৱকক সেনাই প্ৰহাৰৰ অভিযোগ - অসম ৰাইফলচ

লেখাপানীস্থিত ভাৰতীয় সেনাৰ শিবিৰৰ সেনাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ টিপঙৰ ২৩নং অসম ৰাইফলছৰ সেনাই যুৱকক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷

youth allegedly beaten up by assam rifles
অসম অৰুণাচল সীমান্তৰ লেখাপানীত সেনাৰ সন্ত্ৰাস
author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 11:57 AM IST

অসম অৰুণাচল সীমান্তৰ লেখাপানীত সেনাৰ সন্ত্ৰাস

তিনিচুকীয়া, ৩১ ডিচেম্বৰ : অসম-অৰুণাচল সীমান্তৰ লেখাপানীত ভাৰতীয় সেনাৰ অসম ৰাইফলছে চলাইছে নিৰীহ লোকৰ ওপৰত অত্যাচাৰ ৷ বাৰে বাৰে টিপঙৰ ২৩নং অসম ৰাইফলছৰ সেনাৰ ৰোষৰ বলি হৈছে স্থানীয় ৰাইজ ৷ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত উজনি ফানেঙত সেনাই নিৰীহ যুৱকক মাৰপিট কৰাৰ পিছতেই এইবাৰ পুনৰ একেটা শিবিৰৰ সেনাই শুক্ৰবাৰে নিশা অতি নিৰ্মমভাবে কেইবাজনো যুৱকসহ মহিলাক মাৰপিট কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷

উল্লেখ্য যে, টিপং ফায়াৰীং ৰেঞ্জ, টিপং চালিৰ ১২ নং আৰু ১৪ নম্বৰ আদি ঠাইত পুনৰ আৰম্ভ হৈছে চোৰাং কয়লাৰ অবৈধ মুক্তখনন । যাৰ বাবে একাংশ কয়লা মাফিয়াই টিপং ধালাইত গেট স্থাপন কৰি চোৰাং কয়লা খননৰ বাবে টিপং চালিলৈ যোৱা সকলো এক্সেভেটৰ বাবে নীতি নিয়ম তৈয়াৰ কৰি আহিছে । কয়লা মাফিয়া চক্ৰটোৱে প্ৰতিখন এক্সেভেটৰ নামত ৫০ হাজাৰ টকা প্ৰৱেশৰ মাচুল লৈ এক্সেভেটৰেৰে টিপং চালিত চোৰাং কয়লা খান্দিবলৈ অনুমতি দিয়াৰ অভিযোগ উঠিছে ৷

তেনে সময়তে শুক্ৰবাৰে নিশা টিপঙৰ নিবাসী ৰিকী প্ৰধান নাম এজন যুৱকে উক্ত কয়লা মাফিয়া চক্ৰটোৰ অনুমতি অবিহনে টিপং চালিত বলপূৱকভাৱে এখন এক্সেভেটৰ প্ৰৱেশৰ চেষ্টা কৰে । ফলত প্ৰৱেশ দ্বাৰত থকা কেইজনমান যুৱকে ৰিকী প্ৰধানক বাধা দিছিল ৷ কিন্তু ৰিকীয়ে শুনা নাছিল ৷

সেয়ে প্ৰৱেশ দ্বাৰত থকা যুৱক কেইজনে টিপং সেনা শিবিৰলৈ ফোন কৰি বিষয়টো অৱগত কৰে । তাৰ পাছতেই সেনাই উক্ত গেটত থকা যুৱক কেইজনক ফোনতে দুব্যৱহাৰ কৰে । তাৰ কিছুসময়ৰ পিছতেই অস্ত্ৰসহ সেনাৰ পোচাকত অহা তিনিজনীয়া সেনাৰ এটা দল উপস্থিত হয় আৰু উক্ত স্থানত থকা অনন্ত শইকীয়া, প্ৰশান্ত কোঁৱৰ, অৰূপ চাংমাই, অৰুণ চেত্ৰী আৰু বিষ্ণুক নিৰ্মমভাবে প্ৰহাৰ কৰে ।

ইফালে বিষ্ণু ভূমিজক ঘৰত সোমাই মাৰপিট কৰাৰ লগতে তেখেতৰ পত্নী সাবিত্ৰী ভূমিজকো মাৰপিত কৰে বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে ৷ ইয়াৰ ওপৰিও শুক্ৰবাৰে নিশা টিপং ধালাইৰ পথেৰে গৈ থকা কেইবাজনো লোকক সেনাৰ দলটোৱে কোনো কাৰণ নোহোৱাকৈ মাৰধৰ কৰে । যাৰ ফলত আজি ভুক্তভোগীসহ টিপঙৰ কেইবা শতাধিক ৰাইজে লেখাপানী থানা ঘেৰাও কৰে ।

ৰাইজে ঘটনাৰ উচিত ন্যায় বিচাৰি লেখাপানী থানাত ২৩ নং অসম ৰাইফলছৰ টিপং সেনা শিবিৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক : অসম আৰক্ষী জোৱানৰ উদ্ভাৱন, সাজি উলিয়ালে মৰণা মৰা যন্ত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.