ETV Bharat / state

পৰিৱেশ দিৱস উপলক্ষে মৰাণ ছাত্ৰ সন্থাৰ গছপুলি ৰোপণ কাৰ্যসূচী

author img

By

Published : Jun 5, 2021, 11:02 PM IST

কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ত মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৷ গছপুলি ৰোপণ কাৰ্যসূচীত উপস্থিত থাকে মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল ৷

world environment day celebration by moran student union
পৰিৱেশ দিৱস উপলক্ষে মৰাণ ছাত্ৰ সন্থাৰ বৃক্ষ ৰোপন কাৰ্যসূচী

শদিয়া, 5 জুন : বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন ঠাইত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি চৰকাৰী, বে-চৰকাৰী প্ৰতিষ্ঠানে পালন কৰিছে বিশ্ব পৰিৱেশ দিৱস ৷ ৰোপণ কৰিছে গছপুলি ৷ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে মৰাণ ছাত্ৰ সন্থাই ৷ কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত কাকপথাৰ বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

সমান্তৰালভাবে কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনতো গছ পুলি ৰোপণ কৰে সংগঠনটোৱে ৷ কাৰ্যসূচীত মৰাণ ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, কাকপথাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী আৰু অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.