ETV Bharat / state

জৰাজীৰ্ণ দলঙৰ পৰা পৰি ডুমডুমাত মহিলাৰ মৃত্যু

author img

By

Published : Jul 26, 2020, 5:17 PM IST

মডুমাৰ বৰডুবি চাহ বাগিছাৰ তিনিদলং লাইনত সংঘটিত অঘটন ৷ তিনিদলঙৰ নিকটৱৰ্তী এখন বাঁহৰ দলঙৰ পৰা পৰি মৃত্যুক সাৱটি লয় এগৰাকী 44 বছৰীয়া মহিলাই ৷ ঘটনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ স্থানীয় অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৷

ডুমডুমাত মহিলাৰ মৃত্যু
ডুমডুমাত মহিলাৰ মৃত্যু

ডুমডুমা, 26 জুলাই: দেওবাৰে ডুমডুমাৰ বৰডুবি চাহ বাগিছাৰ তিনিদলং লাইনৰ সমীপত দলঙৰ তলত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷ বৰডুবি চাহ বাগিছাৰ নিকটৱৰ্তী দলং খনৰ পৰা পৰি মহিলাগৰাকীয়ে মৃত্যুক সাৱটি লোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷ উল্লেখ্য যে শনিবাৰে চিকিৎসালয়লৈ গৈছিল তিনিদলং লাইনৰ বাসিন্দা গংগা মুণ্ডা (44) নামৰ মহিলাগৰাকী ৷ কিন্তু চিকিৎসালয়ত যোৱাৰ পৰাই সন্ধানহীন হৈ আছিল মহিলাগৰাকী ৷ তাৰ পাচতেই মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এই বিষয়ে অৱগত কৰে স্থানীয় আৰক্ষীক ৷

জৰাজীৰ্ণ দলঙৰ পৰা পৰি ডুমডুমাত মহিলাৰ মৃত্যু

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই দলং খনৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে সন্ধানহীন গংগা মুণ্ডাক ৷ মহিলা গৰাকীৰ মৃত্যুৰ ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে স্থানীয় অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ৷ কিয়নো দীৰ্ঘদিন ধৰি তেওঁলোকে চৰকাৰ কৰ্তৃপক্ষক সেই জৰাজীৰ্ণ দলং খন মেৰামতিৰ বাবে দাবী জনায় আহিছিল ৷ ডুমডুমা-বৰডুবি সংযোগী পথত থকা পকী দলংখন কিছুদিন পূৰ্বে বাঢ়নী পানীয়ে খহাই নিয়াৰ বাবে স্থানীয় লোকসকলে সেই স্থানত বাঁহেৰে এখন দলং সাজি উলিয়াইছিল ৷ প্ৰতিদিনেই সেই বাঁহৰ দলঙেৰে বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিছে স্থানীয় লোকে ৷ পূৰ্বেও সেই স্থানত বহুতো দুৰ্ঘটনা হোৱা বুলি উল্লেখ কৰি এই ঘটনাৰ বাবে চৰকাৰ প্ৰশাসনক দোষাৰোপ কৰে ছাত্ৰ সন্থাটোৰ বিষয়ববীয়াসকলে ৷ এই সন্দৰ্ভত তেওঁলোকে কেইবাবাৰো চৰকাৰলৈ আবেদন জনাইছিল যদিও, আজিলৈ কোনো সহাৰি পোৱা নাই বুলিও অভিযোগ কৰে তেওঁলোকে ৷ সমগ্ৰ ঘটনাৰ বাবে তেওঁলোকে চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰি অতি শীঘ্ৰেই দলং খনৰ মেৰামতিৰ দাবী জনায় ঘটনাস্থলীৰ পৰা ৷

লগত পঢ়ক: বিশ্বশান্তিৰ উদ্দেশ্যে 30 জুলাইত সামূহিক প্ৰাৰ্থনাৰ আহ্বান সত্ৰাধিকাৰসকলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.