ETV Bharat / state

পিতৃৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক সহায় ভিক্ষা এগৰাকী কণমানিৰ - With your help you can smile on Dhiraj's lips kakapathar sadiya tinsukia assam etv bharat news

তিনিচুকীয়াৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এক নং তেজী গাঁৱৰ বাসিন্দা অসম আৰক্ষীৰ গৃহৰক্ষী বিভাগত কৰ্মৰত ধীৰাজ মৰাণ ৷ কিন্তু বিগত জানুৱাৰী মাহত ব্যক্তিগৰাকী আক্ৰান্ত হয় মগজুৰ কৰ্কট ৰোগৰ উপৰিও ব্ৰেইন টিউমাৰত ৷ সম্প্ৰতি চিকিৎসকে ব্যক্তিগৰাকীক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ পৰামৰ্শ দিছে ৷ কিন্তু পৰিয়ালটোৰ হাতত চিকিৎসাৰ বাবে মজুত নাই পৰ্যাপ্ত পৰিমাণৰ ধন ৷

With your help you can smile on Dhiraj's lips kakapathar sadiya tinsukia assam etv bharat news
আপোনাৰ এধানি সহায়ে হাঁহি বিৰিঙাব পাৰে ধীৰাজৰ ওঁঠত...
author img

By

Published : May 29, 2021, 11:14 AM IST

শদিয়া,29 মে’: এটি হাঁহি-ধেমালিৰে দিন পাৰ কৰা পৰিয়াল ৷ হঠাতে এই পৰিয়ালটোৰ মাজলৈ নামি আহিল কালসন্ধ্যা ৷ কিয়নো পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী 33 বছৰীয়া ধীৰাজ মৰাণ সম্প্ৰতি জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত ৷ ঘটনাটো তিনিচুকীয়াৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এক নং তেজী গাঁৱৰ ৷ এই গাঁৱৰেই বাসিন্দা অসম আৰক্ষীৰ গৃহৰক্ষী বিভাগত কৰ্মৰত ধীৰাজ মৰাণ ৷ কিন্তু বিগত জানুৱাৰী মাহত ব্যক্তিগৰাকী আক্ৰান্ত হয় মগজুৰ কৰ্কট ৰোগৰ উপৰিও ব্ৰেইন টিউমাৰত ৷ পিতৃ-মাতৃ, পত্নী, 9 বছৰীয়া এজনী কন্যা আৰু 6 মহীয়া এটি পুত্ৰৰে সৈতে ধীৰাজ আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৷

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ভেটি মাটি বিক্ৰী কৰি লাভ কৰা পোৱা প্ৰায় 4 লাখ 50 হাজাৰ টকা ব্যয়ৰে 29 জানুৱাৰীত মহানগৰীস্থিত হায়াত হাস্পতালত ধীৰাজৰ ব্ৰেইন টিউমাৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৷ দুৰ্ভাগ্যবশত এই অস্ত্ৰোপচাৰৰ পিছতে চিকিৎসকে ধীৰাজৰ শৰীৰত মাৰাত্মক কৰ্কট ৰোগৰ বীজাণু আৱিস্কাৰ কৰাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰে ৷ অস্ত্ৰোপচাৰৰ কিছুদিন পিছতেই ধীৰাজে অসহ্য যন্ত্ৰণাত চটফটাবলৈ ধৰে ৷

আপোনাৰ এধানি সহায়ে হাঁহি বিৰিঙাব পাৰে ধীৰাজৰ ওঁঠত...

পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিব নোৱাৰি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱায় ধীৰাজক ৷ তাতো প্ৰায় 1 লাখ 80 হাজাৰ টকা ব্যয় সাপেক্ষে চিকিৎসা কৰা হয় ধীৰাজৰ ৷ ধীৰাজৰ চিকিৎসাৰ বাবদ বৰ্তমানলৈকে প্ৰায় 10 লক্ষাধিক টকা ব্যয় কৰে পৰিয়ালটোৱে ৷ সম্প্ৰতি চিকিৎসকে ব্যক্তিগৰাকীক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ পৰামৰ্শ দিছে ৷ কিন্তু পৰিয়ালটোৰ হাতত চিকিৎসাৰ বাবে মজুত নাই পৰ্যাপ্ত পৰিমাণৰ ধন ৷ ফলত অসহায় হৈ পৰিছে ধীৰাজৰ পৰিয়ালটো ৷

উপায়বিহীন পৰিয়ালটোৱে এতিয়া আৰ্থিক সহায়ৰ বাবে বাট চাইছে সদাশয় ব্যক্তিৰ লগতে চৰকাৰ তথা প্ৰশাসনৰ মুখলৈ ৷ ধীৰাজৰ কণমানি কন্যাই শয্যাগত পিতৃৰ মৰ্মবেদনা উপলব্ধি কৰি পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৷ যদি এই দুৰ্ভগীয়া পৰিয়ালটোক কোনো সদাশয় লোকে সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰে, তেন্তে ধীৰাজ মৰাণৰ পত্নীৰ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ কাকপথাৰ শাখাৰ একাউণ্ট নং 3138525012, IFSC-CBIN0283221 ত নাইবা ধীৰাজৰ জ্যেষ্ঠ ভাতৃ প্ৰদীপ মৰাণৰ গুগল পে', পেটিএম নং 88383-25716 ত আৰ্থিক সাহায্য আগবঢ়াব পাৰিব ৷ আপোনাৰ এধানি বৰঙণিয়ে পৰিয়ালটোৰ ওঁঠত পুনৰ বিৰিঙাব পাৰে এধানি হাঁহি ৷

লগতে চাওকঃ স্বাস্থ্য বিভাগৰ অনুমতি পালেই ছেবাই অনুষ্ঠিত কৰিব পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.