ETV Bharat / state

বিশ্বকৰ্মাৰ লগত কোনে তুলনা কৰিলে হিমন্ত বিশ্ব শৰ্মাক ! - "অসম বচাও আহক"

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অব্যাহত ৰখা "অসম বচাও আহক" শীৰ্ষক গণ সংযোগ অভিযানৰ বাছ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি, সাংবাদিকৰ আগত বিশ্বকৰ্মাৰূপী হিমন্তই মাথো শিক্ষানুষ্ঠান, চিকিৎসালয় বনাব জানে, কিন্তু নিযুক্তি দিব নাজানে বুলি কটাক্ষ কৰে কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াই ৷

বিশ্বকৰ্মাৰ লগত কোনে তুলনা কৰিলে হিমন্ত বিশ্ব শৰ্মাক !

author img

By

Published : Feb 17, 2021, 9:56 AM IST

ডুমডুমা,17 ফেব্ৰুৱাৰীঃ "বিশ্বকৰ্মাৰূপী হিমন্তই মাথো শিক্ষানুষ্ঠান, চিকিৎসালয় বনাব জানে, কিন্তু নিযুক্তি দিব নাজানে" এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে কংগ্ৰেছী নেতা দেবব্ৰত শইকীয়াই । মঙলবাৰে ডুমডুমাত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিৰোধী নেতাগৰাকীয়ে একালৰ সতীৰ্থ তথা বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰীগৰাকীক সমালোচনাৰে থকা-সৰকা কৰে ৷

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অব্যাহত ৰখা গণ সংযোগ কাৰ্যসূচী "অসম বচাও আহক" শীৰ্ষক অভিযানৰ বাছ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে ডুমডুমা বজাৰত পদযাত্ৰা কৰি স্থানীয় ব্যৱসায়ীসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে দেৱব্ৰত কংগ্ৰেছৰ দলটোৱে ।

বিশ্বকৰ্মাৰ লগত কোনে তুলনা কৰিলে হিমন্ত বিশ্ব শৰ্মাক !

ইপিনে কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ সন্মুখত দেৱব্ৰত শইকীয়াই অসমৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এইদৰে তীব্ৰ সমালোচনা কৰে । উক্ত কাৰ্যসূচীত শইকীয়াৰ লগতে উপস্থিত থাকে ডুমডুমাৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজ আৰু অন্যান্য দলীয় কৰ্মীসকল ৷

লগতে পঢ়কঃ অমিত শ্বাহে বিজেপিক উদ্ধাৰ কৰিবলৈ তাবিজ লবলৈ অসমলৈ আহিছে: দেবব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.