তিনিচুকীয়া, ১৮ অক্টোবৰ: দুৰ্নীতিৰ বোকাত লুতুৰি পুতুৰি হৈ পৰিছে নেকি তিনিচুকীয়া পৌৰসভা ? বিগত দিনসমূহতো বিভিন্ন সময়ত ভিন্ন অভিযোগ উত্থাপিত হৈ আহিছিল তিনিচুকীয়া পৌৰসভাৰ বিৰুদ্ধে । শেহতীয়াকৈ পৌৰসভাৰ সহকাৰী অভিযন্তা জ্যোতি প্ৰসাদ দাস নিলম্বিত হোৱাৰ পিছতে তিনিচুকীয়াবাসীৰ মনত উদয় হৈছে এই প্ৰশ্ন । উল্লেখযোগ্য যে পৌৰসভাৰ গৃহ আৰু নগৰ কল্যাণ বিভাগে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখালৈ এখন পত্ৰ প্ৰেৰণৰ পিছতে সহকাৰী অভিযন্তা জ্যোতি প্ৰসাদ দাসক পৌৰসভা কতৃপক্ষই নিলম্বন কৰে ৷
সমান্তৰালভাৱে সামাজিক মাধ্যমত বিয়পি পৰিছে এটা ফোন কলৰ চাঞ্চল্যকৰ অডিঅ' ৷ ফোন কলটোৰ ভাষ্যত স্পষ্ট হৈছে তিনিচুকীয়া পৌৰসভাৰ দুৰ্নীতিৰ মুকলি বজাৰৰ দৰ দাম । বিল মোকলাই দিয়াৰ নামত ছাৰ'ৰ হৈ দৰদাম কৰিছে পৌৰসভাৰ এজন বিষয়াই ৷ প্ৰায় ৫৬ লাখ টকাৰ বিল মুকলি কৰি দিয়াৰ বাবদ ছাৰৰ হৈ ঠিকাদাৰৰ পৰা ৬০ হাজাৰ টকা বিচাৰিছে 'দাস' দাই । পিছে এই ছাৰ কোন ? আৰু দাস কোন ? জানিব পৰা মতে দাস হৈছে কিছুদিন পূৰ্বে তিনিচুকীয়া পৌৰসভাই দুৰ্নীতিৰ অভিযোগত নিলম্বন কৰা জ্যোতি প্ৰসাদ দাস । পিছে 'ছাৰ'ৰ ৰহস্যহে উদ্ঘাটন কৰিব পৰা নাই পৌৰসভা কতৃপক্ষই ।
উল্লেখযোগ্য যে, তিনিচুকীয়া পৌৰসভাৰ গৃহ আৰু নগৰ কল্যাণ বিভাগে দাখিল কৰা অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই জিলা আয়ুক্তক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে । আৰু ইয়াৰ পিছতেই তিনিচুকীয়া জিলা আয়ুক্তকৰ হস্তক্ষেপত এইজন সহকাৰী অভিযন্তা জ্যোতি প্ৰসাদ দাসক পৌৰসভা কতৃপক্ষই নিলম্বন কৰে ।
কিন্তু প্ৰশ্ন উঠিছে এই নিলম্বনে পৌৰসভাৰ ভিতৰ চ'ৰাত গৃহ নিৰ্মাণৰ নামত, গৃহ আৱন্টনৰ নামত চলি থকা কমিছনৰ বজাৰখন বন্ধ কৰিব পাৰিবনে ? পৌৰসভাৰ দুৰ্নীতিৰ বাবে কেৱল জ্যোতি প্ৰসাদ দাসেই জগৰীয়া নে ? জ্যোতি প্ৰসাদে দাসৰ ভাষ্যত বিয়পি পৰা 'ছাৰ'ৰ তথ্য পোহৰলৈ আহিব নে ? নে 'ছাৰ'লৈ আঙুলি কৰিবলৈ সাহস নাই জিলা প্ৰশাসন কিবা অন্য বিষয়াৰ ?
লগতে পঢ়ক:Durga Puja 2023: তেজপুৰ মাৰোৱাৰী ধৰমশালা দুৰ্গা পূজা সমিতিয়ে উদযাপন কৰিব ৰূপালী জয়ন্তী