ETV Bharat / state

বাৰিষাৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত আতংকিত নৈ পৰীয়া ৰাইজ - ৰঙাজান, চুমৈজান, বাদলপথাৰ, কাইটীয়া, লংপিট,

বাৰিষাৰ পূৰ্বে এতিয়া শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷ প্ৰতিবছৰে গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা ৰাইজৰ সমস্যাৰ স্থায়ী সমাধান নকৰাৰ বাবে এতিয়া ঘৰ-মাটি হেৰুওৱাৰ ভয়ত কম্পমান ৰাইজ ৷ সমস্যা সমাধানৰ বাবে চৰকাৰক অনুৰোধ জনাইছে ৰাইজে ৷

villageers faces erosion
বাৰিষাৰ পূৰ্বে ব্ৰক্ষপুত্ৰৰ গৰাখহনীয়াত আতংক নৈ পৰীয়া ৰাইজ
author img

By

Published : May 14, 2020, 4:29 PM IST

ডুমডুমা, 14 মে' : কৰ'ণা ভাইৰাছৰ সমান্তৰালকৈ ৰাজ্যত বাৰিষাৰ পূৰ্বেই এতিয়া নৈ পৰীয়া ৰাইজ শংকিত হৈ পৰিছে ৷ কাৰণ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কৰৰ্দৈগুৰি অঞ্চলত প্ৰতি বছৰেই ব্ৰক্ষপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে ৷

অঞ্চলটোৰ ৰঙাজান, চুমৈজান, বাদলপথাৰ, কাইটীয়া, লংপিট, 1 নং আৰু 2 নং তামুলী গাঁৱকে আদি কৰি প্ৰায় কুৰিখনৰো অধিক গাঁও ইতিমধ্যে বান আৰু গৰা খহনীয়াই সম্পূৰ্ণভাৱে উচন কৰিছে ৷

অন্যহাতে, বৰ্তমানেও ওৰাং গাঁও, দৰ্জিজান, ঐতিহাসিক শিমলুগুৰি সত্ৰ, বৰগড়া, 1 নং কৰদৈগুৰি আৰু কেৰাণী গাঁও বৰ্তমানেও বান আৰু খহনীয়াৰ কৱলত পৰিছে । ইয়াৰে ভিতৰত 3 নং কৰদৈগুৰি গাঁও খনৰ শতকৰা 40 শতাংশই বৰ্তমান নদীৰ বুকুত বিলিন হৈ গৈছে ।

বাৰিষাৰ পূৰ্বে ব্ৰক্ষপুত্ৰৰ গৰাখহনীয়াত আতংক নৈ পৰীয়া ৰাইজ

উল্লেখযোগ্য যে, প্ৰত্যেক বছৰেই বাৰিষাৰ সময়ত এই অঞ্চলৰ বান আৰু গৰা খহনীয়াৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে যদিও এই অঞ্চলটোৰ প্ৰতি চৰকাৰৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷ ফলত এতিয়া বাৰিষাৰ পূৰ্বেই শংকিত হৈ পৰিছে অঞ্চলবাসী ৷

লগতে পঢ়ক : সামাজিক দূৰত্ব : দৃষ্টিহীন সকলৰ বাবে কিমানদূৰ সম্ভৱ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.