ETV Bharat / state

Namsai Kidnapping case : নামচাইৰ অপহৰণকাণ্ডত গুলীবিদ্ধ হোৱা মিঠাই মাৰাণ্ডিৰ মৃত্যু - দীনেশ শৰ্মাৰ মুক্তিপণ

এক দুখবৰ ৷ অৰুণাচলৰ নামচাইত সংঘটিত হোৱা অপহৰণকাণ্ডৰ সময়ত গুলীবিদ্ধ হোৱা মিঠাই মাৰাণ্ডিৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ৷ 26 এপ্ৰিলত নামচাইৰ এটা পেট্ৰ’ল পাম্পত সংঘটিত হৈছিল এই অপহৰণকাণ্ড ৷ বৰ্তমানেও কোনো সন্ধান নাই অপহৃত দীনেশ শৰ্মাৰ (Namsai abduction case) ৷

Namsai Kidnapping case
Namsai Kidnapping case
author img

By

Published : May 2, 2023, 8:16 PM IST

তিনিচুকীয়া, 2 মে’ : যোৱা 26 এপ্ৰিলত অৰুণাচলৰ নামচাইত সংঘটিত হোৱা অপহৰণকাণ্ডত গুলী লাগি আহত হোৱা মিঠাই মাৰাণ্ডিৰ (28) মৃত্যু (Mitahi Marandi died) ৷ ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মঙলবাৰে মৃত্যু হয় মিঠাই মাৰাণ্ডিৰ ৷ ডিব্ৰুগড়ৰ দামিনি হাস্পতালত গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈ আছিল মাৰাণ্ডি ৷ অপহৰণকাৰীৰ গাত ফ্লেচ লাইটৰ পোহৰ পেলাবলৈ চেষ্টা কৰোঁতেই মিঠাই মাৰাণ্ডিলৈ লক্ষ্য কৰি তিনিজাঁই গুলী নিক্ষেপ কৰিছিল অপহৰণকাৰীয়ে (Namsai abduction case) ৷ গুৰুতৰভাৱে আহত মাৰাণ্ডিক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল ডিব্ৰুগড়লৈ ৷

উল্লেখ্য যে, 26 এপ্ৰিলৰ সন্ধিয়া 7.30 মান বজাত নামচাই জিলাৰ চৌখামস্থিত বিজেপিৰ জিলা পৰিষদৰ সদস্য জেনিয়া নামচূমৰ মালিকানাধীন এটা পেট্ৰ’ল পাম্পত সংঘটিত হৈছিল অপহৰণৰ ঘটনা ৷ তিনি অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰি নিছিল পেট্ৰ’ল পাম্পটোৰ গাণনিক দীনেশ শৰ্মাক ৷ বিহাৰৰ বাসিন্দা আছিল দীনেশ শৰ্মা (Namsai petrol pump kidnaping case) ৷

দীনেশ শৰ্মাক অপহৰণ কৰি নিয়াৰ সময়তে অপহৰণকাৰীৰ গাত ফ্লেচ লাইটৰ পোহৰ পেলাবলৈ চেষ্টা কৰিছিল মিঠাই মাৰাণ্ডিয়ে ৷ উল্লেখ্য যে, পেট্ৰ’ল পাম্পটোৰ স্বত্বাধিকাৰী জেনিয়া নামচূমৰ গাড়ী চালক আছিল মিঠাই মাৰাণ্ডি ৷

ইফালে, সেই চাঞ্চল্যকৰ অপহৰণকাণ্ডৰ দৃশ্য বন্দী হৈছিল পেট্ৰ’ল পাম্পটোৰ চিচিটিভি কেমেৰাত ৷ হাতত AK47 সদৃশ বন্দুক লৈ বুলেটপ্ৰুফ পৰিধান কৰি সম্পূৰ্ণ সুসজ্জিত হৈ আছিল তিনি অপহৰণকাৰী ৷ দীনেশ শৰ্মাক অপহৰণ কৰি খোজ কঢ়াই লৈ যোৱাৰ দৃশ্যও বন্দী হৈছিল কেমেৰাত (Namsai kidnaping case) ৷

এই অপহৰণকাণ্ডৰ সৈতে আলফা স্বাধীন আৰু এনএচচিএন জড়িত থকা বুলি অৰুণাচলৰ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যদিও বৰ্তমানলৈকে কোনো এটা বিদ্ৰোহী সংগঠনে অপহৰণ দায়িত্ব স্বীকাৰ কৰা নাই ৷ এয়া যে, এক সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত অপহৰণ ঘটনা আছিল সেয়া ইতিমধ্যেই নিশ্চিত হৈছে আৰক্ষীয় ৷

আনহাতে, দীনেশ শৰ্মাৰ মুক্তিপণ পাঁচ কোটি টকা বুলি তিনি অপহৰণকাৰীয়ে পেট্ৰ’ল পাম্পটোৰ মেনেজাৰক কৈ যোৱা বুলি জানিব পৰা গৈছে ৷ কিন্তু বৰ্তমানলৈকে পেট্ৰ’ল পাম্পটোৰগৰাকী জেনিয়া নামচূমলৈ ধনদাবীৰ কোনো পত্ৰ বা ফোন অহা নাই বুলি জানিব পৰা গৈছে ৷ তিনি অপহৰণকাৰীৰ সন্ধানত অৰুণাচল আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখিছে যদিও ঘটনাৰ এটা সপ্তাহ উকলি যোৱাৰ পাচতো কোনো শুংসূত্ৰ লাভ কৰা নাই ৷

লগতে পঢ়ক: Kidnapping at Namsai: 48 ঘণ্টাৰ পিচতো সন্ধান নাই অপহৃত দীনেশ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.