ETV Bharat / state

শদিয়া সমষ্টিৰ উন্নয়নৰ জীয়া ছবি পৰিস্ফুট...

author img

By

Published : Feb 13, 2021, 10:28 AM IST

Updated : Feb 13, 2021, 12:31 PM IST

প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ নদীৰ বান-খহনীয়াই সৰ্বস্বান্ত কৰা এই অঞ্চলটোৰ লগতে স্থানীয় লোকসকলৰ উন্নয়নৰ বাবে চৰকাৰ তথা স্থানীয় জন প্ৰতিনিধিয়ে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

শদিয়া সমষ্টিৰ উন্নয়নৰ জীয়া ছবিঃ ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

ডুমডুমা,13 ফেব্ৰুৱাৰীঃ তিনিচুকীয়াৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত হাঁহখাটি পঞ্চায়তৰ মালভূগ, বগৰীবাৰী অঞ্চলসমূহত স্বাধীনতাৰ 74 বছৰৰ পিছতো আজিও উন্নয়নে ঢুকি পোৱা নাই । যাতায়াত-যোগাযোগ, স্বাস্থ্য-শিক্ষা সকলো দিশতেই অঞ্চলটো পিছপৰি ৰোৱা দেখা গৈছে ৷ উল্লেখ্য যে, প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ নদীৰ বান-খহনীয়াই সৰ্বস্বান্ত কৰা এই অঞ্চলটোৰ লগতে স্থানীয় লোকসকলৰ উন্নয়নৰ বাবে চৰকাৰ তথা জন প্ৰতিনিধিয়ে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে স্থানীয় লোকসকলে ।

আনহাতে, নিৰ্বাচনৰ প্ৰাক-মুহুৰ্তত ৰাজনৈতিক নেতাসকল আহি অঞ্চলটোৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে, যদিও নিৰ্বাচনৰ পাছতেই সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হয় । উপায়ন্তৰ অঞ্চলবাসীয়ে স্থানীয় বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । একেদৰে বিধায়ক বলীন চেতিয়াই সমষ্টিটোত কেৱল মাত্ৰ আধাৰশিলাৰ ৰাজনীতি কৰাৰহে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

শদিয়া সমষ্টিৰ উন্নয়নৰ জীয়া ছবি পৰিস্ফুট...

অঞ্চলটোত ১৯৮৪ চনতে স্থাপিত বগৰীবাৰী প্ৰাথমিক বিদ্যালয়খন চৰকাৰে আজিকোপতি প্ৰাদেশিকীকৰণৰ ব্যৱস্থা নকৰিলে । ইপিনে নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় বিধায়কগৰাকীয়ে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে, অঞ্চলটোৰ ৰাইজে সমাগত বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়কঃ লক্ষ্য 21 ৰ নিৰ্বাচন: শিৱসাগৰত অসম বচাওঁ আহক কাৰ্যসূচী

Last Updated : Feb 13, 2021, 12:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.