ETV Bharat / state

DGP on target: আলফা স্বাধীনৰ আক্ৰমণৰ তালিকাত ডিজিপি-আইজিপিৰ নাম ! - DGP on target

বুধবাৰে নিশা গুলীৰ শব্দত কঁপি উঠিল তিনিচুকীয়া জিলাৰ লিডু অঞ্চল (Firiing incident in Tinsukia) ৷ আলফা(স্বা)ৰ বিৰুদ্ধে সেনা আৰু আৰু আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা এক অভিযানৰ মাজতে দুয়োপক্ষৰ মাজত গুলীয়াগুলীৰ সূত্ৰপাত ঘটে (Encounter between Police ULFA I in Tinsukia) ৷ এই গুলীচালনাৰ ঘটনাত আলফা(স্বা)ৰ কেডাৰ উদয় অসম নিহত হয় ৷ উগ্ৰপন্থী সংগঠনটোৰ প্ৰায় 7/8 জনীয়া এটা দলে বাহৰ পাতিছিল লিডুৰ মালুগাঁৱত ৷

Firiing incident in Tinsukia
গুলীৰ শব্দত কঁপি উঠিল তিনিচুকীয়া জিলাৰ লিডু
author img

By

Published : Feb 9, 2023, 4:33 PM IST

গুলীৰ শব্দত কঁপি উঠিল তিনিচুকীয়া জিলাৰ লিডু

তিনিচুকীয়া, 9 ফেব্ৰুৱাৰী: সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন চমুকৈ আলফা(স্বা) আৰু চৰকাৰৰ মাজত শান্তি আলোচনাৰ চৰ্চা চলি থকাৰ মাজতেই উজনিত আলফা আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী ((Encounter between Police ULFA I in Tinsukia) ৷ এই সংঘৰ্ষত নিহত হয় আলফা(স্বা)ৰ কেডাৰ উত্তম লাহন ওৰফে উদয় অসম ৷ বুধবাৰে নিশা প্ৰায় 1.30 বজাত লিডুৰ মালুগাঁৱত সংঘটিত এই গুলীয়াগুলীৰ ঘটনা ৷ যোৱা প্ৰায় এসপ্তাহ ধৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰু লেখাপানী অঞ্চলত আশ্ৰয় লৈছিল প্ৰায় 7/9 জনীয়া আলফা(স্বা)ৰ এটা দলে (ULFA I cadre killed in encounter) ৷

জিলাখনৰ পৰা এজন প্ৰভাৱশালী ব্যৱসায়ীক অপহৰণৰ পৰিকল্পনা কৰিয়েই আলফা(স্বা)ৰ দলটোৱে বাহৰ পাতি থকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ ইয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আৰু অসম আৰক্ষীৰ উত্তৰ-পূব শাখাৰ মহাপৰিদৰ্শক জিৎমল দলেকো আক্ৰমণৰ পৰিকল্পনা কৰা বুলি চাঞ্চল্যকৰ মন্তব্য কৰিছে আৰক্ষী বিভাগে ৷ বুধবাৰে নিশা প্ৰায় 7 মিনিট ধৰি দুয়োটা পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী চলে (ULFA targets DGP along with IGP North East Assam) ৷

উদয় অসম আৰু মৃগাংক অসমৰ নেতৃত্বত আলফা(স্বা)ৰ দলটোৱে আশ্ৰয় লৈছিল উক্ত অঞ্চলত ৷ গোপন সূত্ৰৰ পৰা আলফা(স্বা) দলটোৰ উপস্থিতিৰ তথ্য পাই নিশা আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত তথা তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া, লিডু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত সেনা আৰু আৰক্ষীৰ দলে যুটীয়াভাৱে অভিযান চলায় ৷ অভিযানত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় উদয় অসমৰ ৷ অৱশ্যে আন্ধাৰৰ সুযোগ লৈ সেই স্থানৰ পৰা পলায়ন কৰে বাকীকেইজন সদস্যই (ULFA cadre Uday Asom killed) ৷

অভিযানকাৰী দলটোৱে সংৰ্ঘষথলীৰ পৰা এটা পিষ্টল, এটা AK ৰাইফল, বিস্ফোৰক সামগ্ৰী, 2 টা গ্ৰেণেড, কম্বল সহিতে এটা বেগ আৰু কিছু পৰিমাণৰ ঔষধ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে উদয় অসমৰ মৃতদেহটো তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ আহিছে ৷ চিকিৎসকৰ পৰ্যবেক্ষণৰ পাচতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব মৃতদেহটো ৷ মৃত উত্তম লাহন ওৰফে উদয় অসমৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিৰ পুৰণি জবকা গাঁৱত বুলি জানিব পৰা গৈছে (Operation against rebel group in Tinsukia) ৷

লগতে পঢ়ক: Peace talk with ULFA I: থলগিৰিয়ে নিৰ্ধাৰণ কৰিব সাৰ্বভৌমত্বৰ প্ৰাসংগিকতা

উত্তম লাহন ওৰফে উদয় অসম নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা)ৰ IED বিশেষজ্ঞ আছিল বুলি জানিব পৰা গৈছে ৷ বাকী কেইজন উগ্ৰপন্থী সদস্যক বিচাৰি সেনা-আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে ৷ যোৱা কিছুদিন ধৰি তিনিচুকীয়া জিলাত আলফা(স্বা)ৰ কাৰ্যকলাপ অব্যাহত থকা পৰিলক্ষিত হৈছে (ULFA I activities in Assam) ৷ 2022 বৰ্ষৰ শেষৰ ফালে 14 নৱেম্বৰৰ পুৱাই তিনিচুকীয়া জিলাৰ আপাৰ দিহিং বনাঞ্চলত ভাৰতীয় সেনাৰ 18 নং গাৰোৱাল ৰেজিমেন্টৰ বিৰুদ্ধে সামৰিক অভিযান চলাইছিল আলফা(স্বা)ৰ এটা দলে (ULFA I news) ৷

ডিগবৈ-পেঙেৰী সংযোগী পথৰ আপাৰ দিহিং বনাঞ্চলৰ মাজতে থকা ফাঁচী দলঙৰ সমীপত সেনাৰ বাহনক লক্ষ্য কৰি আইইডি বিস্ফোৰণ ঘটাইছিল আলফা(স্বা)ৰ দলে ৷ আইইডিটো বিস্ফোৰণ হোৱাত সেনাৰ এখন বুলেটপ্ৰুফ বাহন ক্ষতিগ্ৰস্ত হয় ৷ তাৰ পাচতেই সেই অঞ্চলত দুয়োপক্ষৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় যদিও পলাই যাবলৈ সক্ষম হয় আলফা(স্বা)ৰ দলটো ৷ আলফা(স্বা)ৰ প্ৰচাৰ গোটৰ সদস্য ৰুমেল অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই অভিযানক ‘‘অপাৰেশ্যন লক্ষীপথাৰ’’ হিচাপে নামকৰণ কৰে (Operation Lakhipathar by ULFA I) ৷

উল্লেখ্য যে, আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱা (ULFA I chief Paresh Baruah) আৰু চৰকাৰৰ মাজত আলোচনাৰ বিষয়টোক লৈ বিগত সময়চোৱাত ৰাজ্যত ব্যাপক চৰ্চা অব্যাহত আছে ৷ কে এল অ’ৱে শান্তি বিচাৰি অস্ত্ৰ ত্যাগ কৰাৰ পিচতেই সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ জীৱন সিংহৰ সমসাময়িক বিদ্ৰোহী নেতা তথা আলফা(স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাকো আলোচনাৰ মজিয়ালৈ আহিবলৈ আহ্বান জনাইছিল চৰকাৰৰ লগতে বিভিন্ন পক্ষই (ULFA I Peace talk with GOI) ৷

কিন্তু আলফাৰ প্ৰধান দাবী সাৰ্বভৌমত্ব অবিহনে আলোচনা হ’ব নোৱাৰে বুলি বাৰম্বাৰ উল্লেখ কৰি আহিছে পৰেশ বৰুৱাই (Paresh Baruah on peace talk) ৷ বহুকেইটা সংবাদ মাধ্যমত হোৱা টেলিফোনিক আৰু ভাৰ্চুৱেল সাক্ষাৎকাৰত পৰেশ বৰুৱাই শান্তি আলোচনাৰ ক্ষেত্ৰত সাৰ্বভৌমত্বৰ প্ৰাসংগিকতাৰ বিষয়টো এতিয়া অসমৰ থলগিৰি জনসাধাৰণে নিৰ্ণয় কৰিব বুলিও সদৰী কৰিছে ৷ যাৰ ফলত স্থৱিৰ হৈ ৰৈছে বহু চৰ্চিত আলফা-চৰকাৰৰ আলোচনাৰ বিষয়টো ৷ তাৰ মাজতেই এইদৰে বিভিন্ন কাৰ্যকলাপেৰে আলফাই নিজৰ সক্ৰিয়তাৰ উমান দি আহিছে ৷

লগতে পঢ়ক: ULFA I Peace Talk: আলফা(স্বা)ৰে শান্তি আলোচনাত ৰাইজে লওক আগভাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.