তিনিচুকীয়া, ২ মাৰ্চ: এতিয়াও কুইপ'ৰ দুই অপহৃত বিষয়াৰ মুক্তি নিশ্চিত কৰা নাই আলফা(স্বাঃ)ই । অপহৃত বিষয়া দুগৰাকীৰ মুক্তিৰ বাবে কুইপ'ৰ শীৰ্ষ বিষয়া আৰু আলফা(স্বাঃ)ৰ মাজত আলোচনা অব্যাহত আছে । এই বৈঠকত কুইপ'ৰ শীৰ্ষ বিষয়াৰ সৈতে আলফা(স্বাঃ)ৰ হৈ মধ্যস্থতাকাৰী হিচাপে অংশ লৈছে কৌশিক ফুকনে । আলফা(স্বাঃ)ই পূৰ্বৰ দাবী সলনি কৰি অসমৰ পাঁচ হাজাৰ থলুৱা যোগ্য অভিযন্তাক কুইপ'ত নিযুক্তি দিয়াৰ চৰ্ত দিছিল আৰু সেই চৰ্তত ইতিমধ্যে সন্মতি প্ৰদান কৰিছে কুইপ' কৰ্তৃপক্ষই ।
লগতে আলফা(স্বাঃ)ৰ অন্যান্য চৰ্তসমূহ মানি ল'লেহে মুক্তি দিব কুইপ'ৰ দুই অপহৃত বিষয়াক । এতিয়াও দুই পক্ষৰ মাজত আলোচনা অব্যাহত আছে । উল্লেখ্য যে, বিগত বৰ্ষৰ ২১ ডিচেম্বৰৰ সন্ধিয়া ডিয়ুন আৰক্ষী থানাৰ অধীনত ইনাও অঞ্চলৰ খুমচৈখাত কৰ্তব্যৰত অৱস্থাতে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক অপহৰণ কৰিছিল আলফা(স্বাঃ) আৰু এনএছচিএনকেই ।
![কুইপ'ৰ দুই অপহৃত বিষয়াৰ মুক্তিৰ বাবে আলোচনা অব্যাহত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ulfanewsas10027_02032021191334_0203f_1614692614_418.jpg)
কেইদিনমান পূৰ্বে আলফা(স্বাধীন)ই এক সংবাদ বিবৃত্তিৰ জৰিয়তে জনাইছিল যে, যোৱা ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত অপহৃত দুই বিষয়াৰ মুক্তিৰ ক্ষেত্ৰত কুইপ’ই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অহা ১৭ ফেব্ৰুৱাৰীত অপহৃত বিষয়া ৰাম কুমাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ।
আনহাতে, বিষয়া দুগৰাকীৰ অপহৰণৰ পিছতে পৰিয়ালৰ লোকে তেওঁলোকক মুক্তি দিবলৈ পৰেশ বৰুৱাক অনুৰোধ জনাইছিল । লগতে অসমৰ ৰাইজেও পৰেশ বৰুৱাক মানৱীয়তাৰ খাতিৰত বিষয়া দুগৰাকীৰ ক্ষতিসাধন নকৰি মুক্তি দিবলৈ আহ্বান জনাইছিল । আন একাংশই ধনৰ বিনিময়ত আলফাই অপহৰণ কাণ্ড সংঘটিত কৰাক লৈ ককৰ্থনা কৰিছিল । কিন্তু পৰেশ বৰুৱাই শেহতীয়াকৈ স্পষ্ট কৰি দিছে যে, ধন নহয়, অসমৰ নিবনুৱাৰ নিযুক্তি দাবী কৰিছে আলফাই । ইয়াৰ পিছতে কুইপ' কৰ্তৃপক্ষ আৰু আলফা(স্বাঃ)ৰ মাজত বৈঠক অনুষ্ঠিত হয় ।