ETV Bharat / state

কুইপ'ৰ দুই অপহৃত বিষয়াক অতি শীঘ্ৰে মুক্তি - কুইপ'ৰ দুই অপহৃত বিষয়াক মুক্তি

অতি শীঘ্ৰে মুক্তি লাভ কৰিব কুইপ'ৰ দুই অপহৃত বিষয়াই ৷ অতি শীঘ্ৰে মুক্তি লাভ কৰিব শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰে ৷ এক বিবৃতিযোগে কুইপ'ৰ দুই বিষয়াক মুক্তি কৰি দিয়াৰ কথা জনালে আলফাই ৷

কুইপ'ৰ দুই অপহৃত বিষয়াক অতি শীঘ্ৰে মুক্তি

author img

By

Published : Mar 6, 2021, 8:13 PM IST

তিনিচুকীয়া, 6 মাৰ্চ: আলফা (স্বাঃ) ৰ দ্বাৰা অপহৃত কুইপ'ৰ দুই বিষয়াই অতি শীঘ্ৰে মুক্তি লাভ কৰিব ৷ এক বিবৃতিযোগে দুয়োগৰাকী বিষয়াক অতি সোনকালে মুকলি কৰি দিব বুলি আলফাই জানিবলৈ দিছে ৷

বিগত কিছু দিন পূৰ্বে নিৰ্দিষ্ট চৰ্ত সাপেক্ষে আলফাই কুইপ'ৰ দুই অপহৃত বিষয়া শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক মুক্তি কৰি দিব বুলি জনাইছিল যদিও অসমৰ এটা ব্যক্তিগত সংবাদমাধ্যমত আলফাৰ বিৰুদ্ধে ভুলকৈ বাতৰি পৰিৱেশন কৰাৰ অভিযোগ উত্থাপন কৰি আলফাই দুই বিষয়াৰ মুক্তি স্থগিত ৰাখিছিল ৷

এটা ব্যক্তিগত সংবাদমাধ্যমৰ দুগৰাকী সাংবাদিকে ভুল মন্তব্য় কৰা বুলি অভিযোগ উত্থাপন কৰি সাংবাদিক দুগৰাকীয়ে ক্ষমা খোজাৰ বাবে আলফাই দাবী জনাইছিল ৷ শনিবাৰে আলফাই এক বিবৃতিযোগে জনাই যে, যিহেতু সংবাদ মাধ্যমটোৰ সাংবাদিক গৰাকীয়ে আলফাক ক্ষমা খুজিছে, সেয়েহে আলফাই অতি সোনকালে দুই অপহৃত বিষয়াক মুক্তি কৰি দিব বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক: বিধানসভা নিৰ্বাচনঃ এসপ্তাহত ৰাজ্যত জব্দ ৮৪.৪৩ লাখ নগদ ধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.