ডুমডুমা, 26 ফেব্ৰুৱাৰী: ৰাজ্যত এতিয়াও মাৰ যোৱা নাই প্ৰতিবাদৰ ঢৌ ৷ প্ৰতিবাদী কণ্ঠই গুঞ্জৰি আছে অসমৰ আকাশ-বতাহ ৷ বৃহস্পতিবাৰে ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদত বহিল টাই আহোম যুৱ পৰিষদ, চমুকৈ টাইপা ৷ ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে টাইপাই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷
ৰাজ্যৰ শাসনাধীস্থ চৰকাৰখনৰ বিৰুদ্ধে ৰাজ্যৰ সকলো দল-সংগঠন গুজৰি থকাৰ সময়তে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ মৰ্যদা প্ৰদান কৰাৰ দাবীত প্ৰতিবাদত বহিল টাই আহোম যুৱ পৰিষদ ৷ টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ মৰ্যদা প্ৰদান কৰাই নহয় নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আন্দোলনৰ সময়তেই চৰকাৰে ষড়যন্ত্ৰমূলক ভাৱে কাৰাবন্দী কৰি ৰখা কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত উত্তাল হ’ল প্ৰতিবাদস্থলী ৷
উল্লেখ্য যে, তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত প্ৰতিবাদী টাই আহোম যুৱ পৰিষদে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি টাইপা জনগোষ্ঠীৰ দাবী সমূহ পূৰণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়কঃ খেলপথাৰ এৰি পলাইছে মোৰ একালৰ বন্ধুৱে: ৰকিবুল হুছেইন