ETV Bharat / state

আলফা শিবিৰৰ পৰা পলায়ন কৰা দুই সদস্যক আটক - two ULFA Cadre Arrested

আলফা শিবিৰৰ পৰা পলায়ন কৰা দুই সদস্যক আটক

author img

By

Published : Aug 26, 2022, 10:00 AM IST

Updated : Aug 26, 2022, 2:28 PM IST

09:46 August 26

আলফা শিবিৰৰ পৰা পলায়ন কৰা দুই সদস্যক আটক

তিনিচুকীয়া, 26 আগষ্ট: আলফা (স্বাধীনৰ) শিবিৰৰ পৰা পলায়ন কৰা দুই সদস্যক আটক কৰে ভাৰত -ম্যানমাৰ সীমান্তত আছাম ৰাইফলছে ৷ শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তৰ ঘন জংঘলৰ পৰা দুই সদস্যক আটক কৰি খুনছাৰ আছাম ৰাইফলছৰ জিম্মলৈ প্ৰেৰণ কৰে ৷

যোৱা ২১ আগষ্টত আলফা (স্বা)ৰ চলমান শিবিৰৰ পৰা চাৰিজন কেডাৰে পলায়ন কৰিছিল ৷ তাৰ পিছৰে পৰা সেনাই কেডাৰকেইজনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল ৷ আটকাধীন দুই আলফা কেডাৰ ক্ৰমে ৰাঘৱ অসম ওৰফে সুৰজ মৰাণ, ৰিয়ান অসম ওৰফে বিকাশ ৰাজবংশী ৷ আত্মগোপন কৰি থকা এজন সদস্য শৰৎ অসম বুলি জানিব পৰা গৈছে ৷ অৱশ্যে আনজনৰ নাম এতিয়ালৈ জানিব পৰা হোৱা নাই ৷

দুই ধৃত কেডাৰ দুজনৰ পৰা সেনাই ১ টা পিষ্টলসহ ৭ জাই সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয় ৷ ৰিয়ান অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ মাকুম পথাৰত আৰু ৰাঘৱ অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ মাকুমৰ লাংকাচি গাঁৱত ৷

উক্ত ঘটনাৰ সন্দৰ্ভত সবিশেষ তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে সেনা-আৰক্ষীয়ে ৷

লগতে পঢ়ক: গুৱাহাটীত 6 দিনলৈ ট্ৰেফিক ছিগনেল ভংগ কৰিলে বিহা নহয় জৰিমনা

Last Updated : Aug 26, 2022, 2:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.