তিনিচুকীয়া, ৭ জানুৱাৰী : আৰক্ষী, পৰিবহণ বিভাগ, জিলা প্ৰশাসন তথা চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন পন্থা অৱলম্বন কৰিছে যদিও ৰাজ্যত সংঘটিত হৈয়ে আছে ইটোৰ পাচত সিটোকৈ ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিহত হৈছে ইজনৰ পাচত আনজনকৈ লোক ৷
দেৰগাঁৱৰ পথৰ দুৰ্ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই আজি অৰ্থাৎ দেওবাৰে পুনৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ন-মাইঠঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুগৰাকী ছাত্ৰ ৷ নিহত ছাত্ৰ দুগৰাকী ডিৰাক সোনজানৰ ১৮ বছৰীয়া গিৰি মৰাণ আৰু ন-মাইঠঙৰ ১৩ বছৰীয়া পৰাগ বুঢ়াগোহাঁই বুলি চিনাক্ত কৰা হৈছে ।
ইফালে এই দুৰ্ঘটনাত অন্য এগৰাকী ছাত্ৰও গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে । আহত ছাত্ৰগৰাকী ১ নং তেজি গাঁৱৰ ১৮ বছৰীয়া হিৰেণ হাজৰিকা বুলি চিনাক্ত কৰা গৈছে । প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, এখন মটৰ চাইকেলে আনএখন চাইকেলত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ যাৰ ফলতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS ২৩ AG ১৬৫৯ ৷
উক্ত ঘটনাটো সংঘটিত হোৱাৰ পাচতে স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ তাৰ পাচত স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে আটাইকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷
লগতে আঘাতপ্ৰাপ্তগৰাকীক চিকিৎসাৰ বাবে জৰুৰীকালীনভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ আনকি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক : মানকাচৰত শোকাৱহ ঘটনা, ব্ৰহ্মপুত্ৰত সলিল সমাধি দেহৰক্ষী জোৱানৰ