তিনিচুকীয়া, 10 জানুৱাৰী : তিনিচুকীয়াত কাঠফুলাৰ দৰে নিশাৰ ভিতৰতে গঢ়ি উঠিছে ইটোৰ পাচত সিটোকৈ ডেম্প ৷ বিভিন্ন সময়ত আৰক্ষীৰ অভিযানত যাৱতীয় নথিপত্ৰ বিহীনভাৱে ডেম্পসমূহ চলাই থকাৰ ঘটনা পোহৰলৈ আহিছে (Crime in Tinsukia) ৷ আনকি এই চুৰি সামগ্ৰীসমূহ ক্ৰয়-বিক্ৰয় কৰাৰ সময়তো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ৷
কিন্তু এইক্ষেত্ৰত ৰে’লৱে আৰক্ষীয়ে নাকী লগাবলৈ সক্ষম হোৱা এই চুৰিকাণ্ডৰ লগত জড়িত বহু অভিযুক্তক ৷ পূৰ্বৰ ঘটনাসমূহৰ দৰে মঙলবাৰেও তিনিচুকীয়াৰ হিজুগুৰিৰ এটা ডেম্পত সংঘটিত হৈছে তেনে এক ঘটনা (Stolen railway goods Seized in Tinsukia) । এক তথ্যৰ আধাৰত মঙলবাৰে হিজুগুৰিৰ VIP পথৰ ৰবিন দাস নামৰ লোকজনৰ কল্পনা ডেম্পত ৰে’লৱে আৰক্ষীয়ে চলাই এক অভিযান ৷ এই অভিযানত ৰে’লৱে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বহু পৰিমাণৰ ৰে’লৱে চুৰি সামগ্ৰী ৷
লগতে পঢ়ক : Timber Smuggling in Jokai RF : জকাই সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ দপদপনি
ৰে’লৱেৰ এগৰাকী আৰক্ষী বিষয়াই জানিব দিয়া অনুসৰি, মঙলবাৰে পুৱা তিনিচুকীয়াৰ পুৰণি ৰে’লৱে ষ্টেচনত এডাল ৰে’লৱে কেব'ল কোনো দুষ্টচক্ৰই কাটি লৈ যায় ৷ পৰৱৰ্তী সময়ত এই কথা গম পাই ৰে’লৱে আৰক্ষীয়ে আৰম্ভ কৰে এক অভিযান ৷ ৰে’লৱে আৰক্ষীয়ে সংস্থাপন কৰা গোপন কেমেৰাৰ দৃশ্যৰ জৰিয়তে দুজন লোকে এই ঘটনা সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহে ৷
পৰৱৰ্তী সময়ত ৰে’লৱে আৰক্ষীয়ে তিনিচুকীয়া আৰক্ষীৰ সহায়ত দুই চোৰক চিনাক্ত কৰি আটক কৰে (Two people arrested with stolen railway goods) ৷ ধৃত চোৰ দুটা হিজুগুৰিৰ বাপ্পা সৰকাৰ আৰু চনু বুলি জানিব পৰা গৈছে ৷ আনকি ধৃত দুই চোৰৰ ভাষ্য অনুসৰি হিজুগুৰি VIP পথৰ ৰবিন দাসৰ কল্পনা ডেম্পৰ পৰা চুৰি হোৱা ৰে’লৱে কেব'লৰ লগতে বৃহৎ সংখ্যক লোহা জব্দ কৰে ৰে’লৱে আৰক্ষীয়ে ৷
এতিয়া প্ৰশ্নটো হ’ল, তিনিচুকীয়াত কাঠফুলাৰ দৰে গঢ়ি উঠা ডেম্পসমূহ চুৰি সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি আছে নেকি ? উক্ত কল্পনা ডেম্পৰ মালিক ৰবিন দাসে এইসমূহ সামগ্ৰী ৰে’লৱে চুৰি সামগ্ৰী বুলি জানিও কিয় ক্ৰয় কৰিছিল দুই চোৰৰ পৰা ?
লগতে পঢ়ক : Black Joha Rice Exportation : ৰঙিয়াৰ পৰা হাজাৰ হাজাৰ কুইণ্টল ক’লা জহা ৰপ্তানি হ’ব বিদেশলৈ