ETV Bharat / state

Two NSCN KYA cadre arrested: অৰুণাচলৰ নামপঙত মাৰণাস্ত্ৰসহ দুই NSCN-KYA ৰ কেডাৰ আটক

author img

By

Published : Jan 29, 2023, 2:23 PM IST

অসম-অৰুণাচলৰ সীমান্ত ডিৰাকৰ গেটৰ মহাদেৱপুৰত দুটা আই ই ডি উদ্ধাৰৰ সমান্তৰালকে নামপং আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত পুৱাই অৰুণাচলৰ নামপঙৰ পৰা মাৰণাস্ত্ৰসহ দুই NSCN-KYAৰ কেডাৰক আটক কৰিবলৈ সক্ষম হয় (Two NSCN KYA cadre nabbed along with arms) ৷

Two NSCN KYA cadre nabbed along with arms
অৰুণাচলৰ নামপঙত মাৰণাস্ত্ৰসহ দুই NSCN-KYAৰ কেডাৰ আটক

তিনিচুকীয়া, 29 জানুৱাৰী: অৰুণাচলৰ নামপঙত মাৰণাস্ত্ৰসহ দুই NSCN-KYAৰ কেডাৰক আটক কৰা হৈছে (Cadre nabbed along with arms) ৷ দেওবাৰে নামপং আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত পুৱাই অৰুণাচলৰ নামপঙৰ পৰা মাৰণাস্ত্ৰসহ দুই NSCN-KYAৰ কেডাৰক আটক কৰিবলৈ সক্ষম হয় (Two NSCN KYA cadre arrested) ৷ ধৃত দুই সদস্যৰ নাম নয়ন কুমাৰ চাকমা আৰু গাংৱাং ৱাংলে ।

আটকাধীন দুই কেডাৰৰ পৰা এটা চীনা AK47, দুটা মেগাজিন, ৪৯০ ৰাউণ্ড সক্ৰিয় গুলী আৰু এটা পিষ্টল জব্দ কৰিছে নামপং আৰক্ষী আৰু অসম ৰাইফলছে ৷ দুই NSCN-KYA কেডাৰে কি উদ্দেশ্যে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ লৈ আহিছিল এই পৰ্যন্ত আৰক্ষীয়ে জানিবলৈ দিয়া নাই (Arms seized in Arunachal) ৷ আৰক্ষীৰ এই বৃহৎ সাফল্যৰ পাচত অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে দুই কেডাৰক মাৰাথন জেৰা অব্যাহত ৰাখিছে (Two NSCN KYA cadre nabbed along with arms) ৷

ইফালে, দেওবাৰে পুৱাই অসম-অৰুণাচল সীমান্ত ডিৰাক গেটৰ সমীপৰ মহাদেৱপুৰত অৰ্ধসামৰিক বাহিনীয়ে অভিযান চলাই দুটাকৈ আইইডি উদ্ধাৰ কৰে (IED recovered at Dirak) ৷ মহাদেৱপুৰৰ কৃষ্ণপুৰ যোৱা পথত এটা কালভাৰ্টৰ কাষত এটা প্লাষ্টিকৰ বেগত পৰি থকা অৱস্থাত পৰিলক্ষিত কৰে । তিনি যুৱকে আই ই ডিকেইটা কঢ়িয়াই অনাৰ সন্দেহ কৰে টহলদাৰী চিআৰপিএফৰ দলটোৱে ৷ ইয়াৰ পিচতে অসম-অৰুণাচল সীমান্তত পুৱাৰে পৰা তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

পৰৱৰ্তী সময়ত অঞ্চলটোত আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে ঘেৰি ৰখাৰ লগতে উক্ত স্থানলৈ বোমা বিশেষজ্ঞৰ দলৰ আগমন ঘটিছে আৰু বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈ আই ই ডি কেইটা পৰীক্ষা কৰে ৷ ইয়াৰ সমান্তৰালভাৱে যি তিনিগৰাকী লোকে আই ই ডিকেইটা কঢ়িয়াই অনাৰ সন্দেহ কৰা হৈছিল উক্ত তিনি যুৱকক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস(74th Republic Day) দেশবাসীয়ে অতি উলহ-মালহেৰে পালন কৰাৰ দুটা দিনৰ পাচতে দুজনকৈ NSCN-KYA ৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ কেডাৰ আটক আৰু অসম-অৰুণাচলৰ সীমান্তত বিষ্ফোৰক উদ্ধাৰ হোৱা ঘটনাই পুনৰ দুয়োখন ৰাজ্যক জোঁকাৰি গৈছে ৷

লগতে পঢ়ক: IED recovered : ডিৰাকত দুটাকৈ আই ই ডি উদ্ধাৰ; বোমা বিশেষজ্ঞৰ দল উপস্থিত ঘটনাস্থলীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.