ETV Bharat / state

বগাপানীত দুটাকৈ নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ - digboi news

বৃহস্পতিবাৰে বগাপানী চাহ বাগিচাত উদ্ধাৰ দুটাকৈ নাহৰফুটুকীৰ পোৱালি ৷ চাহগছত দৰৱ দি থাকোতে বাগিচাৰ কৰ্মচাৰীয়ে এটি নলাত প্ৰত্যক্ষ কৰে নাহৰফুটুকীৰ পোৱালি দুটা ৷ পোৱালি দুটা উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ পাচত পুনৰ সেই ঠাইতে এৰি দিয়া হয় ৷

leoperd cubs recovered in bogapani
বগাপানীত নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ
author img

By

Published : Jun 3, 2021, 9:39 PM IST

ডিগবৈ,3 জুন : ডিগবৈৰ বগাপানী চাহ বাগিচাত বৃহস্পতিবাৰে উদ্ধাৰ হৈছে দুটাকৈ নাহৰফুটুকীৰ পোৱালি ৷ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত বগাপানী চাহ বাগিচাত বাগিচাৰ কৰ্মচাৰীয়ে চাহগছত দৰৱ দি থাকোতে এটি নলাত প্ৰত্যক্ষ কৰে নাহৰফুটুকীৰ পোৱালি দুটা ৷ ইয়াৰ পাচতে বাগিচাৰ পৰিচালকক খবৰ দিয়াত পৰিচালকে শ্ৰমিকৰ সহযোগত পোৱালি দুটা উদ্ধাৰ কৰি নিজ বাংলোত ৰাখে ৷

বগাপানীত নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ

পৰৱৰ্তী সময়ত বাগিচাৰ পৰিচালকে ডিগবৈ বন বিভাগক খবৰ দিয়াত বন বিভাগ উপস্থিত হয় পৰিচালকগৰাকীৰ বাংলোত ৷ পোৱালি দুটা নাহৰফুটুকীৰ বুলি চিনাক্ত কৰাৰ লগতে পোৱালি দুটাৰ বয়স প্ৰায় তিনিমাহ বুলি জানিবলৈ দিয়ে বন বিভাগে । কিছু সময়ৰ অন্তত প্ৰকৃতিপ্ৰেমী সংগঠন ৱাইল্ড কেয়াৰ ফাউণ্ডেশ্যনৰ কৰ্মী আহি পোৱালি দুটা নিৰাপদে ৰাখি ডব্লিউ টি আইৰ চিকিৎসক ডাঃ খনিন চাংমাইৰ সহযোগত স্বাস্থ্য পৰীক্ষা কৰে ৷

অৱশেষত পোৱালি দুটা যি ঠাইৰ পৰা উদ্ধাৰ কৰিছিল, পুনৰ সেই ঠাইতে এৰি দিয়া হয় ৷ কাৰণ খাদ্যৰ সন্ধানত ওলাই যোৱা পোৱালি দুটাৰ মাকে যাতে দুয়োটাকে বিচাৰি হাবাথুৰি খাবলগীয়া নহয় ৷

লগতে পঢ়ক : কাগজ কল কিনিবলৈ ইচ্ছুক ব্যক্তিক গামোচা পিন্ধাব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.