ETV Bharat / state

Illegal coal mine worker death : লিডুৰ অবৈধ কয়লাখনিত মৃত্যু শ্ৰমিকৰ, গোপনে মৃতদেহৰ সৎকাৰ - Two labourers death in illegal coal mine in Ledo

তিনিচুকীয়াৰ লিডুৰ কয়লাখনিত চাঞ্চল্যকৰ ঘটনা । ৰহস্যজনকভাৱে মৃত্যু দুই শ্ৰমিকৰ (Coal mining worker death)। গোপনে শ্ৰমিকৰ সৎকাৰ কৰাক লৈ ৰহস্যৰ সৃষ্টি । ভুক্তভোগী পৰিয়ালৰ কাষত উপস্থিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল ।

Illegal coal mine worker death
লিডুৰ অবৈধ কয়লাখনিত মৃত্যু শ্ৰমিকৰ
author img

By

Published : Jan 26, 2023, 4:53 PM IST

লিডুৰ অবৈধ কয়লাখনিত মৃত্যু শ্ৰমিকৰ

তিনিচুকীয়া,২৬ জানুৱাৰী : তিনিচুকীয়া জিলাৰ লিডুৰ অবৈধ কয়লাখনিত পুনৰ দুই শ্ৰমিকৰ মৃত্যুৰ খবৰ পোৱা গৈছে (Two labourers death in illegal coal mine)। লিডুৰ টিৰাপ কলিয়ৰীৰ লালমাটিত কয়লাৰ অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিঙৰ কাম কৰি থকা অৱস্থাত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত অকাল মৃত্যু হয় দুজনকৈ যুৱ শ্ৰমিকৰ । কয়লা মাফিয়াই সমগ্ৰ ঘটনাক ঘাপ দিয়াৰ চেষ্টা কৰিছে ।

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডুৰ লগতে পাহাৰৰ ভিতৰুৱা খনন কাৰ্যত প্ৰায়েই মৃত্যু হয় শ্ৰমিকৰ ৷ শেহতীয়াকৈ পুনৰ দুই শ্ৰমিকৰ মৃত্যু হৈছে । জানিব পৰা মতে ২২ জানুৱাৰীত টিৰাপ কলিয়ৰীৰ লালমাটিত কয়লাৰ অবৈধ খননত কৃত্ৰিশ দেৱনাথ নামৰ এজনৰ ভাটাত কাম কৰি থকা অৱস্থাতে বিষাক্ত গেছ নিৰ্গত হৈ দুজন শ্ৰমিক নিহত হৈছিল । সমগ্ৰ ঘটনা গাপ দিয়া চেষ্টা কৰিছিল অবৈধ কয়লা মাফিয়াই । নিহত শ্ৰমিক দুজন ক্ৰমে তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কাৰ্তিক গোৱালা আৰু ডিগবৈৰ পশ্চিম মামৰণী গাঁৱৰ বিজয় মূড়া বুলি জানিব পৰা গৈছে (Coal mining worker death)৷

উল্লেখ্য যে, সোমবাৰে বিজয় মূড়াৰ পৰিয়ালে মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে কয়লা মাফিয়াই বিজয় মূড়াৰ মৃতদেহটো হস্তান্তৰ কৰে । ৰহস্যজনকভাৱে মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে পৰিয়ালে বিজয় মূড়াৰ মৃতদেহটো সৎকাৰ কৰে । বিজয় মূড়াৰ পৰিয়ালক যাৱতীয় কাম কাজ কৰিবলৈ অবৈধ কয়লা মাফিয়াৰ সৈতে জড়িত ব্যক্তিয়ে ১০ হাজাৰ টকাসহ গাড়ীৰ ভাড়াও দিয়ে ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত মঙলবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ এটা সজাতি দল ঘটনাস্থলীত উপস্থিত হৈছিল যদিও কোনোধৰণৰ শুংসূত্ৰ নোপোৱাত বুধবাৰে সজাতি দলটোৱে বিজয় মূড়াৰ বাসগৃহত উপস্থিত হোৱাৰ লগতে মাৰ্ঘেৰিটাৰ অতিৰিক্ত দণ্ডাধীশ আৰু চিকিৎসক উপস্থিত হৈ মৃত বিজয় মূড়াৰ মৃত্যুৰ সবিশেষ জানিবলৈ সৎকাৰৰ পিছৰ কিছু অৱশিষ্ট উদ্ধাৰ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে (ATTSA reacts over coal mining worker death)।

ইফালে, মূড়া সমাজতে নিয়ম অনুসৰি মৃতদেহ সৎকাৰ নকৰে, কিন্তু বিজয় মূড়াক পৰিয়ালে কোনো মৰণোত্তৰ পৰীক্ষা নকৰাকৈ গোপনে সৎকাৰ কৰাটো ৰহস্যজনক বুলি সংগঠনৰ নেতৃত্বই জানিবলৈ দিয়ে । এই সম্পূৰ্ণ ঘটনা সন্দৰ্ভত অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়কে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । লগতে অবৈধ কয়লা মাফিয়াৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

লগতে পঢ়ক :Dead body recovered: বাৰপুজীয়াত যুৱকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.