ETV Bharat / state

IED recovered : ডিৰাকত দুটাকৈ আই ই ডি উদ্ধাৰ; বোমা বিশেষজ্ঞৰ দল উপস্থিত ঘটনাস্থলীত - 74th Republic Day

তিনিচুকীয়া জিলাৰ ডিৰাক গেটত দেওবাৰে পুৱাই দুটাকৈ IED উদ্ধাৰ । IED দুটা তিনিজন যুৱকে লৈ অহাৰ সন্দেহ কৰিছে তহলদাৰী চিআৰপিএফ দলে (IED recovered at Dirak) ৷

IED recovered at Dirak
ডিৰাকত জীৱন্ত IED উদ্ধাৰ
author img

By

Published : Jan 29, 2023, 9:57 AM IST

Updated : Jan 29, 2023, 11:18 AM IST

তিনিচুকীয়া, 29 জানুৱাৰী: তিনিচুকীয়া জিলা পুৱাই চাঞ্চল্য ৷ দেওবাৰে পুৱাই ডিৰাক গেটত দুটা জীৱন্ত IED উদ্ধাৰ কৰা হৈছে (IED recovered at Dirak)। IED দুটা তিনিজন যুৱকে লৈ অহাৰ সন্দেহ কৰিছে তহলদাৰী চিআৰপিএফ দলে । CRPF ৰ দলটোক দেখি যুৱক তিনিজনে পলায়ন কৰে বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পিচতে ঘটনাস্থলীলৈ বোমা নিষ্ক্ৰীয়কাৰী দল ঘটনাস্থলীলৈ ৰাওনা হৈছে । আই ই ডি উদ্ধাৰৰ পিচতেই সমগ্ৰ অঞ্চলটোতেই আতংকই বিৰাজ কৰিছে ৷

উল্লেখযোগ্য যে, দেশৰ গণৰাজ্য দিৱসৰ দুটা দিনৰ পাছতে IED উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে তিনিচুকীয়া জিলাখনত। যিহেতু দেশৰ গণৰাজ্য বৰ্জনৰ কাৰণে আলফা(স্বা)ৰ তৰফৰ পৰা ৰাজ্যবাসীক আহ্বান জনাইছিল ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বিগত বৰ্ষৰ ১ জুলাইত সেনা-আৰক্ষীৰ সৈতে ৰূপম অসমৰ নেতৃত্বত থকা আলফা(স্বা)ৰ দলটোৰ গুলীয়াগুলীত জ্ঞান অসম নামৰ এজন আলফা(স্বা)ৰ কেডাৰ নিহত হৈছিল ৷ তাৰ পিচতে পুনৰ ১০ জুলাইত পেঙেৰীত নিশা একেটা দলৰ সৈতে আন এটা গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল যদিও কোনো লোকৰ হতাহতি হোৱা নাছিল ৷

পৰৱৰ্তী সময়ত জ্ঞান অসমৰ মৃত্যুৰ প্ৰত্যুত্তৰ দিবলৈ আলফা(স্বা)ৰ নেতৃত্বত এটা বৃহৎ দলে ৯ আগষ্টত পুৱতি নিশা অৰুণাচলৰ পাংচুপাছত আছাম ৰাইফলৰ শিৱিৰত এক অভিযান চলাইছিল ৷ পুনৰ ১৪ নৱেম্বৰত পেঙেৰীত ভাৰতীয় সেনাৰ এটা কনভয়ৰ উপৰত আলফা(স্বা) আক্ৰমণৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰিছিল সেনা বাহিনীৰ দলটোৰ ৷ আক্ৰমণটো ইমানেই ভয়ানক আছিল যে বুলেটপ্ৰুফ বাহনখন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল ।

তাৰ পাছত পুনৰ পেঙেৰী বনাঞ্চলৰ মাজত আলফা(স্বা)ৰ সৈতে এক গুলীয়াগুলী (Army ulfa clash) সংঘটিত হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছিল যে যোৱা 21 ডিচেম্বৰত নিশা স্থানীয় যুৱক অমৃত মুখীয়াৰ ভৰিত গুলী লাগিছিল ৷ শেহতীয়াকৈ ২৬ জানুৱাৰীৰ পূৰ্বে এটা ৭ জনীয়া আলফা(স্বা)ৰ দলে অসমত প্ৰৱেশ কৰাৰ লগতে কুটাঘাটমূলক কায্য সংঘটিত কৰিবলৈ পৰিকল্পনা কৰা বুলি তথ্য লাভ কৰিছিল আৰক্ষীৰ চোৰাংচোৱা বিভাগে ৷

তাৰ পাচতে আৰক্ষীয়ে উঠিপৰি কৰা চেষ্টাৰ ফলত শান্তিপূৰ্ণভাৱে পাৰ হ’ল দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day) ৷ কিন্তু আজি পুৱাই ডিৰাক গেটত IED উদ্ধাৰ হোৱা ঘটনাই পুনৰ জোঁকাৰি গৈছে জিলাখন ৷

লগতে পঢ়ক: Earthquake hits Northwest Iran: ইৰাণত ভূমিকম্পৰ ফলত নিহত 7 গৰাকী; আহত 400 ৰো অধিক

Last Updated : Jan 29, 2023, 11:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.