ETV Bharat / state

পদপথত দুই ভগ্নীৰ জীৱন সংগ্ৰাম - গাঁও পঞ্চায়ত

কাকপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী পৰশমণি আৰু নৱম শ্ৰেণীৰ ছাত্ৰী পম্পীয়ে দিন হাজিৰা কৰা পিতৃ মাতৃক সহায়ৰ বাবে পদপথত এখন প্লাষ্টিক পাৰি সমুখত থলুৱা শাক-পাচলি লৈ বাট চায় গ্ৰাহকলৈ ৷ শাক-পাচলি বিক্ৰী কৰি দুই ভগ্নীয়ে দৈনিক উপাৰ্জন কৰে প্ৰায় চাৰিশ টকা ৷ কিন্তু কেতিয়াবা এটাও পাচলি বিক্ৰী নোহোৱাকৈ শুদা হাতেই বাট লয় ঘৰলৈ বুলি ৷

Two Girls struggle for life at sadiya
পদপথত দুই ভগ্নীৰ জীৱন সংগ্ৰাম
author img

By

Published : May 21, 2020, 10:18 PM IST

শদিয়া, 21মে': বুকুত এমুঠি দুখ, দুচকুত অলেখ সপোন ৷ জীৱন সংগ্ৰামৰ আন এখন জীয়া কৰুণ ছবি ৷ পখিলা খেদাৰ বয়সত 4টা বছৰেই কাকপথাৰত দুই ভগ্নীয়ে পদপথত বিক্ৰী কৰিছে শাক-পাচলি ৷ যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে "বেটি বচাও, বেটি পঢ়াও" শ্ল'গান দিছে সেই সময়ত তিনিচুকীয়া জিলাৰ কাকপথাৰ খেৰজান গাঁৱৰ দিন হাজিৰা কৰা অনন্ত বড়া আৰু জয়া বড়াৰ দুই কন্যা পম্পী বড়া আৰু পৰশমণি বড়াই দৃঢ়তাৰে পালন কৰি গৈছে ছয়জনীয়া পৰিয়াল চলোৱাৰ দায়িত্ব ৷

Two Girls struggling for life at sadiya
ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী পৰশমণি আৰু নৱম শ্ৰেণীৰ ছাত্ৰী পম্পী

কাকপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী পৰশমণি আৰু নৱম শ্ৰেণীৰ ছাত্ৰী পম্পীয়ে দিন হাজিৰা কৰা পিতৃ মাতৃক সহায়ৰ বাবে পদপথত এখন প্লাষ্টিক পাৰি সমুখত থলুৱা শাক-পাচলি লৈ বাট চায় গ্ৰাহকলৈ ৷ শাক-পাচলি বিক্ৰী কৰি দুই ভগ্নীয়ে দৈনিক উপাৰ্জন কৰে প্ৰায় চাৰিশ টকা ৷ কিন্তু কেতিয়াবা এটাও পাচলি বিক্ৰী নোহোৱাকৈ শুদা হাতেই বাট লয় ঘৰলৈ বুলি ৷

Two Girls struggling for life at sadiya
কাকপথাৰত দুই ভগ্নীয়ে পদপথত বিক্ৰী কৰিছে শাক-পাচলি

ইপিনে জানিব পৰা মতে, তেওঁলোকৰ পৰিয়ালটোৱে ১২৫ নং ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ চৰকাৰৰ দিনতে প্ৰায় ১৫ বছৰ মান পূৰ্বে এটি চৰকাৰী আৱাস গৃহ লাভ কৰিছিল যদিও বৰ্তমান গৃহটিৰ অৱস্থা যথেষ্ট শোচনীয় ৷ কিন্তু কাণসাৰ নাই কোনো জনপ্ৰতিনিধিৰ ৷ লাভ কৰা নাই কোনো চৰকাৰী আঁচনি ৷

পদপথত দুই ভগ্নীৰ জীৱন সংগ্ৰাম

প্ৰশ্ন হয়, চৰকাৰৰ উন্নয়নৰ আঁচনিসমূহে ঢুকি পাবনে দৰিদ্ৰ লোকসকলক ? নে কেৱল শ্ল'গানতে সীমাৱদ্ধ থাকিব উন্নয়ন ! কণমানি এই দুই ভগ্নীৰ পৰিয়ালক সহায়ৰ বাবে আগবাঢ়ি আহিবনে কোনোবা সহৃদয়বান !সেইয়া সময়ে ক'ব ৷

লগতে পঢ়কঃ17 মে' পৰ্যন্ত ভাৰতত নিবনুৱাৰ সংখ্যা 24 শতাংশঃ CMIE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.