ETV Bharat / state

ন্যায়ৰ অবিহনে 3 টা বছৰ অতিক্ৰম ধলা খেৰবাৰী বিচনীমুখ হত্যাকাণ্ডৰ

author img

By

Published : Nov 1, 2021, 7:51 PM IST

তিনিচুকীয়া জিলাৰ ধলা খেৰবাৰী বিচনীমুখ হত্যাকাণ্ডই তিনিটা বছৰ অতিক্ৰম কৰিলে ৷ অচিনাক্ত দুৰ্বৃত্তৰ গুলীত 5 গৰাকীকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছিল ৷ সেই হত্যাকাণ্ডত নিহত লোকসকললৈ সোমবাৰে শ্ৰদ্ধাঞ্জলি জনাই বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ লগতে মৃতকৰ আত্মীয়ই ৷

Tributes to those killed in Dhala Kherbari Bisnimukh murder
ন্যায়ৰ অবিহনে 3 টা বছৰ অতিক্ৰম ধলা খেৰবাৰী বিচনীমূখ হত্যাকাণ্ডই

তিনিচুকীয়া, 1 নৱেম্বৰ : তিনিটা বছৰ অতিক্ৰম কৰিলে তিনিচুকীয়া জিলাৰ ধলা খেৰবাৰী বিচনীমুখ হত্যাকাণ্ডই ৷ অচিনাক্ত দুৰ্বৃত্তৰ গুলীত 5 গৰাকীকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছিল ৷ সেই হত্যাকাণ্ডত নিহত লোকসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সোমবাৰে এক অনুষ্ঠানৰ আয়োজন কৰা হয় তিনিচুকীয়াৰ ধলাত ৷

ছৈখোৱাঘাট আৰক্ষী থানাৰ অন্তৰ্গত ধলা খেৰবাৰী বিচনীমুখ গাঁৱত 2018 চনৰ 1 নবেম্বৰৰ সন্ধিয়া অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিছিল ৫ জনকৈ লোকক ৷ থিতাতে মৃত্যু হৈছিল শ্যামলাল বিশ্বাস, অনন্ত বিশ্বাস, অভিনাশ বিশ্বাস, সুৱল দাস আৰু ধনজয় নমশুদ্ৰৰ ৷ শাৰী পতাই গুলীয়াই নৃশংসভাৱে হত্যা কৰিছিল যুৱক কেইজনক ৷

লগতে পঢ়ক: লক্ষ্য ৩৩ লাখ : প্ৰদেশ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান আৰম্ভ

মুঠ ছয় গৰাকী যুৱকক উদ্দেশ্যি ধাৰাষাৰ গুলীবৰ্ষণ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে ৷ সৌভাগ্যক্ৰমে তাৰ ভিতৰত সহদেৱ নমশুদ্ৰ নামৰ যুৱকগৰাকীৰ কথমপি ৰক্ষা পৰিছিল । উক্ত হত্যাকাণ্ডত প্ৰাণ হেৰুওৱা সকলক সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে আনুষ্ঠানিকভাৱে শ্বহীদ ঘোষণা কৰিছিল ।

সে ইসময়ৰ ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কেশৱ মহন্ত, সাংসদ তপন কুমাৰ গগৈ আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ লগতে সেই সময়ৰ DGP কুলধৰ শইকীয়াই তৎকালীনভাৱে ঘটনাস্থলী পৰিদৰ্শন কৰি মৃতকৰ পৰিয়ালক পাঁচ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰিছিল ৷ লগতে মৃতকৰ পৰিয়ালৰ এজনকৈ সদস্যক সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

কিন্তু সোমবাৰে উক্ত ঘটনাই তিনিটা বৰ্ষ অতিক্ৰম কৰাৰ পিছতো সংস্থাপন নাপালে মৃতকৰ পৰিয়ালে ৷ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল ৷ আনহাতে উক্ত ঘটনাৰ তদন্তৰ দায়িত্ব দিছিল ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIA ক ৷ কিন্তু আজিও ৰাজহুৱা নহ'ল তদন্তৰ প্ৰক্ৰিয়া প্ৰতিবেদন ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰ্যসূচীৰ আয়োজন কৰি পৰিয়ালৰ লগতে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ন্যায়ৰ লগতে মৃতকৰ পৰিয়ালৰ সংস্থাপন আৰু চৰকাৰৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক: বিৰক্ত জনতা : উপ নিৰ্বাচনে দি গ’ল কিহৰ ইংগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.