ETV Bharat / state

ডাঙৰী-মাকুমৰ মাজত পুনৰ আৰম্ভ ৰে'ল সেৱা - Train service between Dangari and Makum

তিনিচুকীয়া জিলাৰ ডাঙৰীবাসীৰ বাবে সুখবৰ । দীৰ্ঘদিনৰ অন্তত ডাঙৰীৰ পৰা মাকুমলৈ আৰম্ভ হ'ল ৰে'ল সেৱা (Train service resumes between Dangari and Makum)। বিগত কেইবাবছৰ ধৰি এই সেৱা বন্ধ হৈ আছিল । দল-সংগঠন আৰু ৰাইজৰ প্ৰতিবাদৰ অন্তত অৱশেষত আৰম্ভ হ'ল এই সেৱা ।

Train service
ডাঙৰী মাকুমৰ মাজত পুনৰ আৰম্ভ ৰে'ল সেৱা
author img

By

Published : Apr 12, 2022, 8:05 PM IST

শদিয়া,১২ এপ্ৰিল : অৱশেষত পুনৰ আৰম্ভ হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেলপথত ৰেলৰ চলাচল ৷ সুদীৰ্ঘ ৫ বছৰ ধৰি বন্ধ হৈ আছিল ডিব্ৰু-শদিয়া ৰেলপথত ৰে'লৰ চলাচল ৷ স্থানীয় লোক আৰু দল-সংগঠনে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আৰু ৫ বছৰৰ অন্তত ডাঙৰীৰ পৰা মাকুমলৈ মঙলবাৰৰ পৰা পুনৰ আৰম্ভ হ'ল এই ৰে'লসেৱা (Train service resumes between Dangari and Makum)৷

ডাঙৰী মাকুমৰ মাজত পুনৰ আৰম্ভ ৰে'ল সেৱা

ইয়াকে লৈ স্থানীয় ৰাইজৰ মাজত দেখা গ'ল উৎসাহ-উদ্দীপনা ৷ স্থানীয় ৰাইজে গামোছা পিন্ধাই আদৰণি জনালে ৰেল কৰ্মচাৰীসকলক (Local people welcomed railway staff in Dangari) ৷ ৰাইজৰ দাবীৰ অন্তত ৰে'ল চলাচল আৰম্ভ হ'ল যদিও ৰেলপথৰ লগতে ডাঙৰী ৰে'ল ষ্টেচনত থকা বিভিন্ন সমস্যা সমাধানৰ দাবী জনাইছে আছু নেতৃত্বই ৷

লগতে পঢ়ক :ৰোগীৰ পৰিৱৰ্তে এম্বুলেঞ্চখনত কঢ়িওৱা হয় চাহপাত: তাৰ পিছত ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.