ETV Bharat / state

এইবাৰ অনাময় আঁচনিত দুুৰ্নীতিৰ অভিযোগ - etv bharat

ঠিকাদাৰ আৰু অভিযন্তাই মিলি হিতাধিকাৰী সকলৰ অনাময় আঁচনিৰ শৌচালয়ৰ সমূদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে ভূক্তভোগী ৰাইজে ৷

ডুমডুমা সমষ্টি
author img

By

Published : Jul 31, 2019, 11:50 PM IST

শদিয়া, 31 জুলাইঃ তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত গাভৰুভেটি গাঁঁও পঞ্চায়তত সম্প্ৰতি ব্যাপক অনিয়ম, দূৰ্নীতি চলাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ স্বচ্ছ ভাৰত মিছনৰ অধীনত দৰিদ্ৰ পৰিয়ালৰ বাবে আবন্টন দিয়া অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণৰ কাম পঞ্চায়তটোত ফুটুকাৰ ফেনত পৰিনত হোৱা বুলিও অভিযোগ ৰাইজৰ ৷ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় আঁচনিৰ অধীনত গাভৰুভেটি গাঁও পঞ্চায়তৰ ফিলবাৰী,শীতলপুৰ আৰু টিংখাং গাঁৱত তিনি বছৰ পূৰ্বে অনাময় আঁচনিৰ অধীনত নিৰ্মাণ কৰা শৌচালয় সমূহ আজিও সম্পূৰ্ণ হৈ নুঠাত এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱা বুলি মন্তব্য কৰে ৰাইজে ৷

ডুমডুমা সমষ্টি

অনাময় আঁচনিৰ হিতাধিকাৰী ক্ৰমে পুতুমনি দাস, বিনয় বড়া, দণ্ডীৰাম বৰা, বীনা দত্ত আদিকে ধৰি বহুজনৰে শৌচালয় আজিও অৰ্ধনিৰ্মিত হৈ পৰি আছে ৷ এই শৌচালয় সমূহ নিৰ্মাণৰ কাম লাভ কৰিছিল মাধৱপুৰ গাঁৱৰ এজন ঠিকাদাৰে আৰু ইয়াৰ সম্পূৰ্ণ দায়িত্বত আছিল কনিষ্ঠ অভিযন্তা নন্দেশ্বৰ বৰদলৈ নামৰ এজন বিষয়া ৷ ঠিকাদাৰ আৰু অভিযন্তাই মিলি হিতাধিকাৰী সকলৰ অনাময় আঁচনিৰ শৌচালয়ৰ সমূদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে ভূক্তভোগী ৰাইজে ৷

নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ জনৰ এক পথ দূৰ্ঘটনাত ইতিমধ্যে মৃত্যু হৈছে আৰু তাৰ পৰিবৰ্তে আন এজন ঠিকাদাৰ ৰাজেশ মাহাত্বক শৌচালয় নিৰ্মাণৰ কাম অৰ্পণ কৰা হৈছে বুলি জানিবলৈ দিয়ে বিভাগীয় কতৃপক্ষই ৷ লগতে বিভাগীয় বিষয়াই অতি শীঘ্ৰে আধৰুৱা হৈ থকা শৌচালয় সমূহ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজি প্ৰায় দহ মাহ উকলি যোৱা পিছতো শৌচালয় সমূহ সম্পূৰ্ণ নোহোৱা দেখা গৈছে ৷ ভোক্তভোগী হিতাধিকাৰী সকলে অতি শীঘ্ৰে অসম্পূৰ্ণ হৈ থকা অনাময় আঁচনিৰ শৌচালয় সমূহ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷

Intro:ডুমডুমা সমষ্টিৰ অন্তৰ্গত গাভৰুভেটি গাঁও পঞ্চায়তত অনাময় আঁচনিত দুুৰ্নীতি

শদিয়া : তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত গাভৰুভেটি গাঁঁও পঞ্চায়তত সম্প্ৰতি ব্যাপক অনিয়ম, দূৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে ৷ স্বচ্ছ ভাৰত মিছনৰ অধীনত সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ বাবে আবন্টন দিয়া অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণৰ কাম এতিয়া ফুটুকাৰ ফেনত পৰিনত হৈছে পঞ্চায়তটোত ৷ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় আঁচনিৰ অধীনত গাভৰুভেটি গাঁও পঞ্চায়তৰ ফিলবাৰী শীতলপুৰ আৰু টিংখাং গাঁৱত আজিৰ পৰা তিনি বছৰ পূৰ্বে অনাময় আঁচনিৰ অধীনত নিৰ্মাণ কৰা শৌচালয় সমূহ আজিও সম্পূৰ্ণ হৈ নুঠাত এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱা বিষয় স্পষ্ট হৈ পৰিছে ৷ অনাময় আঁচনিৰ হিতাধিকাৰী ক্ৰমে পুতুমনি দাস, বিনয় বড়া, দণ্ডীৰাম বৰা, বীনা দত্ত আদিকে ধৰি বহুজনৰে শৌচালয় আজিও অৰ্ধনিৰ্মিত হৈ পৰি আছে ৷ এই শৌচালয় সমূহ নিৰ্মাণৰ কাম লাভ কৰিছিল মাধৱপুৰ গাঁৱৰ এজন ঠিকাদাৰে আৰু ইয়াৰ সম্পূৰ্ণ দায়িত্বত আছিল কনিষ্ঠ অভিযন্তা নন্দেশ্বৰ বৰদলৈ নামৰ এজন বিষয়া ৷ ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰ আৰু অভিযন্তাই মিলি হিতাধিকাৰী সকলৰ অনাময় আঁচনিৰ শৌচালয়ৰ সমূদায় ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত কৰিছে ভূক্তভোগী ৰাইজে ৷ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ জনৰ এক পথ দূৰ্ঘটনাত ইতিমধ্যে মৃত্যু হৈছে আৰু তাৰ পৰিবৰ্তে আন এজন ঠিকাদাৰ ৰাজেশ মাহাত্বক শৌচালয় নিৰ্মাণৰ কাম অৰ্পণ কৰা হৈছে বুলি জানিবলৈ দিয়ে বিভাগীয় কতৃপক্ষই ৷ আৰু লগতে বিভাগীয় বিষয়াই অতি শীঘ্ৰে আধৰুৱা হৈ থকা শৌচালয় সমূহ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজি প্ৰায় দহ মাহ উকলি গ’ল কিন্তুু শৌচালয় সমূহ বৰ্তমান ও সম্পূৰ্ণ হৈ নুঠিল ৷ ভোক্তভোগী হিতাধিকাৰী সকলে অতি শীঘ্ৰে অসম্পূৰ্ণ হৈ থকা অনাময় আঁচনিৰ শৌচালয় সমূহ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷Body:Byte : OwnerConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.