ETV Bharat / state

অটল অমৃত যোজনা আঁচ‌নিয়ে ঢুকি নোপোৱা এটি পৰিয়ালৰ কৰুণ গাঁথা - অটল অমৃত যোজনা আঁচ‌নি

তিনিচুকীয়াৰ বৰগুৰি লেজাইহোলা গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ আৰ্থিক সাহাৰ্য বিচাৰি কাতৰ অনুৰোধ ৷ ঘৰখনৰ উপাৰ্জনকাৰী মাতৃ গৰাকী ৰোগাক্ৰান্ত হোৱাত ঘৰখনত দেখা দিছে আৰ্থিক সংকটে ।

Tinsukia poor family story
অটল অমৃত যোজনা আঁচ‌নিয়ে ঢুকি নোপোৱা এটি পৰিয়ালৰ কৰুণ গাঁথা
author img

By

Published : Oct 16, 2020, 12:06 PM IST

তিনিচুকীয়া, 16 অক্টোবৰ: তিনিচুকীয়া জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগুৰি লেজাইহোলা গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়াল । অতি দৰিদ্ৰ পৰিয়ালৰ এই ঘৰখনলৈ এতিয়া নামি আহিছে কাল অমানিশা । দুবছৰৰ পূৰ্বে ঘৰখনৰ মূল ব্যক্তিজনৰ মৃত্যু হোৱাৰ পাচতেই ঘৰখনৰ উপাৰ্জন বাবে মাতৃগৰাকীয়ে হৈ পৰিল একমাত্ৰ সম্বল । কোনোমতে দিন-হাজিৰা কৰি দুবেলা দুমুঠি খাই থকা পৰিয়ালটোৰ মাতৃ বৰ্তমান শয্যাগত অৱস্থাত বিচনাতেই যন্ত্ৰনাকাতৰ দিন কটাবলগীয়া হৈছে ।

বিগত কিছুদিন ধৰি মহিলাগৰাকী ৰোগাক্ৰান্ত হোৱাত তেওঁক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মহিলা গৰাকী কৰ্কট ৰোগত আক্ৰান্ত বুলি অৱগত কৰে । ৰোগাক্ৰান্ত দুৰ্ভগীয়া মহিলাগৰাকীৰ চিকিৎসাৰ বাবে ওচৰৰ চুবুৰীয়াৰ পৰা কিছু টকা সংগ্ৰহ কৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈ চৰকাৰীৰ অভিলাষী আচঁ‌নি অটল অমৃত যোজনাৰ কাৰ্ডৰ জৰিয়তে চিকিৎসা প্ৰদান কৰিব বিচাৰিছিল যদিও চিকিৎসকে কোনোধৰণৰ চিকিৎসা প্ৰদান নকৰি ঘৰলৈ উভতাই পঠিয়ায় ।

অটল অমৃত যোজনা আঁচ‌নিয়ে ঢুকি নোপোৱা এটি পৰিয়ালৰ কৰুণ গাঁথা

অতি দৰিদ্ৰ পৰিয়ালৰ এই দুৰ্ভগীয়া মহিলাগৰাকী টকাৰ অভাৱৰ বাবেই বৰ্তমান ঘৰতেই বিচনাই পৰি থাকিবলগীয়া হৈছে । মহিলাগৰাকীৰ উন্নত চিকিৎসাৰ বাবে সদাশয় ব্যক্তি,দল-সংগঠন তথা স্থানীয় বিধায়কৰ পৰা বিচাৰিছে আৰ্থিক অনুদান । আৰ্থিক অনুদান প্ৰদানৰ বাবে অসম গ্ৰামীণ বিকাশ বেংকৰ বৰগুৰি শাখাৰ পুৰ্ণিমা নেওগৰ একাউণ্ট নম্বৰ 7155010010469, IFSC- UTBIORRBAGB নম্বৰৰ লগতে 9707212794 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

লগতে পঢ়ক: কলগাছিয়াৰ তাৰা মিয়াক আপোনাৰ সহায়ৰ প্ৰয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.