তিনিচুকীয়া, 11 ডিচেম্বৰঃ কেব বিৰোধী প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তিনিচুকীয়াত ৷ তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ মূলপ্ৰৱেশ দ্বাৰত উত্তপ্ত পৰিস্থিতি । প্ৰতিবাদকাৰীক লক্ষ্য কৰি আৰক্ষীৰ ৰবৰৰ গুলীচালনা । আত্মৰক্ষাৰ বাবে প্ৰতিবাদকাৰীও শিলগুটি নিক্ষেপ আৰক্ষীলৈ ৷
![তিনিচুকীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5340765_nhjj.jpg)
তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত পাঁচ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰি থকাৰ মাজতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ আৰক্ষীয়ে লাঠীচাৰ্জ,কন্দুৱা গেছ আৰু গুলীচালনা কৰাত প্ৰতিবাদকাৰী সকলেও শিলগুটি নিক্ষেপ কৰে আৰক্ষীলৈ ৷ আৰক্ষীৰ ৰবৰ গুলী আক্ৰমণ়ত দুগৰাকী প্ৰতিবাদকাৰী গুৰুতৰভাবে আহত হয় ৷
আহতসকলক ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ পৰিস্থিতি অধিক উতপ্ত হৈ পৰে ৷
আৰু পঢ়কঃ মহানগৰীত বৃহস্পতিবাৰে পুৱা 7 বজালৈ জাৰি সান্ধ্য আইন: আৰক্ষীৰ লাঠিচালনা