ETV Bharat / state

Operation against drugs: কাকপথাৰত 5 কোটি টকাৰ নিচাযুক্ত সামগ্ৰীসহ আটক তিনি সৰবৰাহকাৰী - ড্ৰাগছৰ বিৰুদ্ধে অভিযান

তিনিচুকীয়াৰ কাকপথাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ এই অভিযানত পাঁচ কোটি টকাৰ নিচাযুক্ত সামগ্ৰীসহ আটক কৰে তিনি যুৱকক ৷ ধৃত তিনি যুৱক হৈছে কৰিমগঞ্জৰ আব্দুল হক, মাৰুফ আহমেদ আৰু চিটলু আহমেদ ৷

Operation against drugs
কাকপথাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 11:10 AM IST

কাকপথাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

তিনিচুকীয়া, 28 আগষ্ট: ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে তিনিচুকীয়াত আৰক্ষীয়ে প্ৰতিদিনাই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে চলাই গৈছে অভিযান ৷ অন্য দিনাৰ দৰে দেওবাৰে কাকপথাৰত আৰক্ষীয়ে চলাই এক অভিযান ৷ এই অভিযানতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় এক বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷

তিনিচুকীয়া আৰক্ষীয়ে 57 টা প্লাষ্টিকৰ পেকেটত 699.91 গ্ৰাম নিচাযুক্ত সামগ্ৰীসহ তিনিজনক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে ধৃত তিনিজনৰ পৰা আৰক্ষীয়ে নগদ 13950 টকা আৰু পাঁচটা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে জানিব দিয়া অনুসৰি, আৰক্ষীয়ে এক তথ্য লাভ কৰিছিল যে ডিমাপুৰৰ পৰা এক বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী তিনিচুকীয়ালৈ আনি থকা হৈছে ৷

সেই খবৰৰ ভিত্তিতে তিনিচুকীয়া নিউ ৰে’লৱে ষ্টেচনত এক অভিযান চলাই যদিও সফল নহয় ৷ পৰৱৰ্তী সময়ত পুনৰ আন এক খবৰ আহে যে নিচাযুক্ত সামগ্ৰীসমূহ নি থকা বাহনখন কাকপথাৰৰ দিশে গতি কৰিছে ৷ তেতিয়াই ততাতৈয়াকৈ কাকপথাৰ আৰক্ষীক কটকটীয়া তালাচী কৰিবলৈ নিৰ্দেশ দিয়া হয় ৷

তাতে আৰক্ষীয়ে সন্দেহৱসত দুখন গাড়ীক ৰখাই আৰম্ভ কৰে তালাচী অভিযান ৷ আৰম্ভণিতে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰা কথাটো অস্বীকাৰ কৰে যদিও AS 04 P 7010 নম্বৰৰ মাৰুতি চুইফট গাড়ীখনত তন্ন তন্নকৈ তালাচী চলোৱাত গাড়ী এক গোপন চেম্বাৰৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে আৰক্ষীয়ে আটক কৰে তিনি সৰবৰাহকাৰী ৷ তিনি সৰবৰাহকাৰী কৰিমগঞ্জৰ ক্ৰমে আব্দুল হক, মাৰুফ আহমেদ আৰু চিটলু আহমেদ ৷ আৰক্ষীয়ে জব্দ কৰা উক্ত নিচাযুক্ত সামগ্ৰীখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় পাঁচ কোটি টকা ৷ নিচাযুক্ত সামগ্ৰীখিনি ডিমাপুৰৰ অৰুণাচললৈ তিনি সৰবৰাহকাৰীয়ে লৈ যোৱা বুলি স্বীকাৰোক্তি দিয়ে ৷

লগতে ইয়াৰ পূৰ্বেও তিনি সৰবৰাহকাৰী তিনিচুকীয়ালৈ আহিছিল বুলি আৰক্ষীৰ আগত উল্লেখ কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত ডিমাপুৰৰ কাৰ পৰা নিচাযুক্ত সামগ্ৰীখিনি আনিছিল আৰু অৰুণাচলৰ ক’লৈ নি আছিল অথবা এই সৰবৰাহৰ সৈতে কোন কোন জড়িত হৈ আছে সেয়া পোহৰলৈ আহিব ৷

উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহৰ মূল সুঁতিলৈ পৰ্যৱেশিত হৈছে তিনিচুকীয়া জিলা ৷ যাৰ ফলত বেজীৰে ড্ৰাগছ লোৱাৰ বাবেই সমগ্ৰ তিনিচুকীয়া জিলা এতিয়া HIV ৰ হটস্পট হিচাপে চিহ্নিত হৈছে ৷

লগতে পঢ়ক : Dead bodies found: নিজা বাসগৃহত উদ্ধাৰ একে পৰিয়ালৰ 4 সদস্যৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.