ETV Bharat / state

খহনীয়াৰ কৱলত পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়

author img

By

Published : Jun 16, 2021, 11:00 PM IST

মাইঠং নদীৰ প্ৰৱল গঢ়াখহনীয়াই সংকট নমাই আনিছে মহাবিদ্যালয়খনলৈ ৷ বাৰিষাৰ এজাক বৰষুণত ফেনেফুটুকাৰে ওফন্দি অহা এই নৈখনে অতি কম সময়ৰ ভিতৰত প্ৰায় পাঁচ মিটাৰ পৰ্যন্ত নৈৰ পাৰ খহাই নিছে ৷ অতি কম দিনৰ ভিতৰতে মহাবিদ্যালয়খনৰ আৱাস গৃহসমূহ নৈৰ খহনীয়াত জাহ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

tinsukia-model-collage-news
খহনীয়াৰ কৱলত কাকপথাত নতুনকৈ স্থাপন হোৱা পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়

শদিয়া, 16 জুন : বৃহত্তৰ কাকপথাৰ অঞ্চলৰ লগতে দাঁতিকাষৰীয়া অঞ্চল সমূহৰ এক প্ৰধান সমস্যা আছিল উচ্চ শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত আসনৰ এখন মহাবিদ্যালয় ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দল সংগঠনৰ দাবী অনুসৰি ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকপথাৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী ডিৰাকত চৰকাৰে স্থাপন কৰিলে পদ্মনাথ গোহাঞি বৰুৱা নামাকৰণেৰে এখন আদৰ্শ মহাবিদ্যালয় ৷

যোৱাটো বৰ্ষৰ পৰাই এই মহাবিদ্যালয়খনত আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া ৷ বৰ্তমানো নিৰ্মীয়মান অৱস্থাত আছে মহাবিদ্যালয়খনৰ আন্তঃগাঁঠনিৰ কাম ৷ ইয়াৰ সমান্তৰালকৈ এক বৃহৎ সমস্যাই দেখা দিছে মহাবিদ্যালয়খনৰ চাৰিসীমাত ৷ কাষেদি বৈ যোৱা মাইঠং নদীৰ প্ৰৱল গঢ়াখহনীয়াই সংকট নমাই আনিছে মহাবিদ্যালয়খনলৈ ৷

বাৰিষাৰ এজাক বৰষুণত ফেনেফুটুকাৰে ওফন্দি অহা এই নৈখনে অতি কম সময়ৰ ভিতৰত প্ৰায় পাঁচ মিটাৰ পৰ্যন্ত নৈৰ পাৰ খহাই নিছে ৷ অতি কম দিনৰ ভিতৰতে মহাবিদ্যালয়খনৰ আৱাস গৃহসমূহ নৈৰ খহনীয়াত জাহ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ উক্ত বিষয় সন্দৰ্ভত এতিয়া মাত মাতিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিয়ে ৷

সংগঠনটোৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে, যোৱাটো সময়ত সংগঠনটোৱে বিভাগীয় অভিযন্তাৰ জৰিয়তে বিভাগক ৯৫ লাখ টকাৰ এখন আঁচনি প্ৰস্তুত কৰি প্ৰদান কৰিছিল ৷ ইয়াৰ উপৰিও স্থানীয় শদিয়া বিধানসভা সমষ্টিৰ বিধায়ককো এই সন্দৰ্ভত অৱগত কৰিছিল ৷ কিন্তু আজিকোপতি ইয়াৰ কোনো সুফল নোপোৱাত এতিয়া সৰব হৈ পৰিছে মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতি ৷

সংগঠনটোৰ বিষয়ববীয়া ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক শীঘ্ৰেই এই খহনীয়াৰ সমস্যাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে স্থানীয় বিধায়ক বলিন চেতিয়াক উক্ত বিষয়টো গুৰুত্ব সহকাৰে ল‘বলৈ দাবী জনাইছে ৷ অন্যথা সংগঠনটোৱে আগন্তুক সময়ত আন্দোলনৰ দৰে কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : পতঞ্জলি উদ্যোগত হাতীৰ মৃত্যু : আজিও নহ’ল উচিত তদন্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.