তিনিচুকীয়া, 6 মে’: তিনিচুকীয়াত বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল জিলা আবকাৰী অধীক্ষক মানস জ্যোতি দাস ৷ উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে আবকাৰী অধীক্ষকগৰাকী ৷ তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ আবকাৰী বিভাগৰ অধীক্ষকগৰাকীৰ কক্ষতে দাসক মাৰাথন জেৰা চলাইছে দুৰ্নীতি নিবাৰক শাখাই ৷
জানিব পৰা মতে, অৰ্জুন ভাস্ফৰ নামৰ যুৱকজনে অভিযুক্ত মানস জ্যোতি দাসৰ সকলো টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ধেমাজিৰ পৰা তিনিচুকীয়ালৈ বদলি হৈছিল আবকাৰী অধীক্ষকগৰাকী ৷ অভিযুক্ত বিষয়াগৰাকীৰ বিৰুদ্ধে জিলাখনৰ প্ৰতিখন সুৰা বিপনীৰ পৰা প্ৰতিমাহে 2000 টাকাকৈ সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপন হৈছে ৷
লগতে পঢ়ক : শপত গ্ৰহণৰ বাবে সাজু ৰাজভৱন: অনিশ্চয়তাত শপত লওতাৰ নাম