ETV Bharat / state

তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু আৱাসৰ চৌহদক কণ্টেইনমেণ্ট জ'ন ঘোষণা

তিনিচুকীয়া জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতেই জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু তেখেতৰ চৰকাৰী আৱাসৰ চৌহদক কণ্টেইনমেণ্ট জ'ন হিচাবে ঘোষণা কৰা হৈছে । লগতে জিলা উপায়ুক্ত গৰাকীৰ সংস্পৰ্শলৈ অহা মন্ত্ৰী সঞ্জয় কিষানেও নিজকে হোম কোৱাৰেন্টাইনত ৰখাৰ কথা সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে অৱগত কৰিছে ।

author img

By

Published : Jul 19, 2020, 5:30 PM IST

Tinsukia DC Office declare as Containment zone
তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু আৱাসগৃহ চৌহদক কণ্টেইনমেণ্ট জ'ন ঘোষণা

তিনিচুকীয়া,১৯জুলাই: তিনিচুকীয়া জিলাত ক্ৰমাত্‍ ভয়ংকৰ ৰূপ লৈছে ক'ভিড-১৯ৰ সংক্ৰমণে । জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকী ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ জিলা উপায়ুক্ত ভাস্কৰ পেগুৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ৰ ভাইৰাছ । জিলাৰ উপায়ুক্ত গৰাকীৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতেই জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু তেখেতৰ চৰকাৰী আৱাসৰ চৌহদক কণ্টেইনমেণ্ট জ'ন হিচাবে ঘোষণা কৰা হৈছে ।

লগতে জিলা উপায়ুক্ত গৰাকীৰ সংস্পৰ্শলৈ অহা মন্ত্ৰী সঞ্জয় কিষানেও নিজকে হোম কোৱাৰেন্টাইনত ৰখাৰ কথা সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে অৱগত কৰিছে ।

উল্লেখযোগ্য যে শনিবাৰে দিনৰ ভাগত বাঘজানত অইলৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল উপায়ুক্ত গৰাকীয়ে । অনুষ্ঠানত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ,আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া আৰু অইলৰ একাংশ বিষয়ববীয়াৰ সৈতে মিলি বাঘজানৰ ক্ষতিগ্ৰস্তক চেক বিতৰণ কৰিছিল উপায়ুক্ত গৰাকীয়ে । একেটা অনুস্থানতে উপায়ুক্ত ভাস্কৰ পেগুৰ সংস্পৰ্শলৈ আহিছিল জিলাখনৰ বহুকেইগৰাকী সংবাদ কৰ্মী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.