ETV Bharat / state

Assam municipal election 2022: তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত পৌৰসভা নিৰ্বাচন সম্পৰ্কীয় সভা

পৌৰ সভা নিৰ্বাচনকলৈ বিভিন্ন জিলাত আৰম্ভ হৈছে প্ৰস্তুতি । তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰাজনৈতিক দলৰ প্ৰতিনিধি, সংবাদকৰ্মীৰ সৈতে বিশেষ বৈঠক (Meeting on municipal elections at Tinsukia DC Office)। জিলাখনৰ তিনিচুকীয়া, মাকুম আৰু ডুমডুমা পৌৰসভা এলেকাত প্ৰশাসনে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।

author img

By

Published : Feb 10, 2022, 6:30 PM IST

Tinsukia DC meeting
তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত পৌৰসভা নিৰ্বাচন সম্পৰ্কীয় সভা

তিনিচুকীয়া,১০ ফেব্ৰুৱাৰী : অহা ৬ মাৰ্চত অনুষ্ঠিত হ'ব পৌৰ সভা নিৰ্বাচন । নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ লগে লগে সাজু হৈছে পৌৰ সভা এলেকাৰ প্ৰশাসন । বৃহস্পতিবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত নৰসিং পাৱাৰৰ সভাপতিত্বত ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু স্থানীয় সংবাদকৰ্মীসকলৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Meeting on municipal elections at Tinsukia DC Office)। নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন বিষয় আলোচনা কৰা হয় বৈঠকত ।

উল্লেখ্য যে, তিনিচুকীয়া, মাকুম আৰু ডুমডুমা পৌৰসভা জিলাখনৰ অধীনত আছে । তিনিচুকীয়া পৌৰসভাৰ মুঠ ৱাৰ্ডৰ সংখ্যা হৈছে ১৫ টা, মাকুম পৌৰসভাৰ মুঠ ৱাৰ্ডৰ সংখ্যা হৈছে ১০ টা আৰু ডুমডুমা পৌৰসভাৰ মুঠ ৱাৰ্ডৰ সংখ্যা হৈছে ১০ টা । তিনিচুকীয়া পৌৰসভাৰ মুঠ ভোটগ্ৰহণ কেন্দ্র আছে ৯০ টা, মাকুম পৌৰসভাৰ মুঠ ভোটগ্ৰহণ কেন্দ্র আছে ১৪ টা আৰু ডুমডুমাত আছে ১৬ টা । তিনিচুকীয়া পৌৰসভাৰ মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ৪১,০২১ জন, মহিলা ভোটাৰৰ সংখ্যা ৩৭,৮৭১ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৮ গৰাকী ।

মাকুম পৌৰসভাৰ মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ৬,৭৪৪ জন আৰু মহিলা ভোটাৰৰ সংখ্যা মুঠ ৬,৭৯৯ গৰাকী । ডুমডুমা পৌৰসভাৰ মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ৮,৭১৬ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৭,৯১৫ গৰাকী । তিনিচুকীয়া পৌৰসভাৰ ১৪ নং ৱাৰ্ড অনুসূচিত জাতি(মহিলা)ৰ বাবে আৰু ৱাৰ্ড নং ১, ৪, ৫, ৬, ৭ তথা ১২ মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰা হৈছে । মাকুম পৌৰসভাৰ ৩,৬,৭,৯ আৰু ১০ নং ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে ।

ডুমডুমা পৌৰসভাৰ ৯ নং ৱাৰ্ড অনুসূচিত জাতি (মহিলা) আৰু ৱাৰ্ড নং ১, ২, ৩, ১০ মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰা হৈছে । মাকুম পৌৰসভাৰ সভাপতিৰ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে । নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি তিনিচুকীয়া পৌৰসভাৰ প্ৰতিদ্বন্দী প্ৰাৰ্থীয়ে সৰ্বোচ্চ ৪১,২০০ টকা নিৰ্বাচন সংক্ৰান্তত ব্যয় কৰিব পৰিব ।

তেনেদৰে মাকুম আৰু ডুমডুমা পৌৰসভাৰ প্ৰতিদ্বন্দী প্ৰাৰ্থীয়ে নিৰ্বাচন সংক্ৰান্তত সৰ্বোচ্চ ৩১,২০০ টকা ব্যয় কৰিব পৰিব । শিক্ষাগত অৰ্হতাৰ ক্ষেত্রত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব । আনহাতে, অন্যান্য পিছ পৰা শ্ৰেণী তথা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ প্ৰাৰ্থীসকল দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব । এইবাৰৰ পৌৰসভাৰ নিৰ্বাচনত ই.ভি.এমৰ ব্যৱহাৰ কৰা হ'ব ।

পৌৰসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৫ ফেব্ৰুৱাৰী, মনোনয়ন পত্ৰ পৰীক্ষণৰ তাৰিখ ১৭ ফেব্ৰুৱাৰী, বৈধ মনোনীত প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ তাৰিখ ১৭ ফেব্ৰুৱাৰী, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২০ ফেব্ৰুৱাৰী, প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ তাৰিখ ২০ ফেব্ৰুৱাৰী আনহাতে ভোটদান ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈকে আৰু ভোটগণনাৰ দিন ৯ মাৰ্চ পুৱা ৮ বজাৰ পৰা ধাৰ্য্য কৰা হৈছে ।

লগতে পঢ়ক :কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ লোক আদালতৰ ব্যৱস্থা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.