ETV Bharat / state

Tinsukia ATASU Press Meet: আটাছুৰ সভাপতিৰ অপসাৰণক লৈ যুযুধান তিনিচুকীয়া জিলা সমিতি - আটাছুৰ সভাপতিৰ অপসাৰণক লৈ যুযুধান

আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইক অপসাৰণ কৰাৰ পাচতে তিনিচুকীয়া জিলা সমিতিৰ সংবাদমেল ৷কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তক তিনিচুকীয়া জিলা সমিতিৰ অগণতান্ত্ৰিক আখ্যা ৷

Removal of Atasu president Milan Buragohain
সদৌ তাই আহোম ছাত্ৰ সন্থা
author img

By

Published : Jul 23, 2023, 4:28 PM IST

সদৌ তাই আহোম ছাত্ৰ সন্থা

তিনিচুকীয়া, ২৩ জুলাই: সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতা শিৱসাগৰৰ লাচিত গগৈৰ এক টেলিফোনিক ক'ল ৰেকৰ্ডিং সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ উক্ত কথোপকথন আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই সামাজিক মাধ্যমৰ জৰিয়তে অস্বীকাৰ কৰাৰ বিপৰীতে বিজেপি নেতা লাচিত গগৈয়ে কথোপকথনটোৰ সত্যতা স্বীকাৰ কৰে ৷ তাৰ পাচতে শনিবাৰে মৰাণত অনুষ্টিত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্তমৰ্মে সভাপতি মিলন বুঢ়াগোহাঁইক কেন্দ্ৰীয় সমিতিয়ে অপসাৰণ কৰাৰ পাচতে সৰৱ হৈ পৰিছে আটাছু তিনিচুকীয়া জিলা সমিতি ৷

দেওবাৰে আটাছুৰ তিনিচুকীয়া জিলা সমিতিয়ে নিজা কাৰ্যালয়ত সম্বোধন কৰা এখন সংবাদমেলৰ জৰিয়তে কেন্দ্ৰীয় সমিতিৰ এনে সিদ্ধান্তক গ্ৰহণ কৰা নহ'ব বুলি সকীয়াই দিয়ে ৷ আটাছুৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক নয়ন বুঢ়াগোঁহাই আঁত ধৰা সংবাদমেলত কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁই অনুপস্থিত থকাৰ সময়ত হঠাৎ কোনো তদন্ত নকৰাকৈ অপসাৰণ কৰা কাৰ্যক অগণতান্ত্ৰিক আখ্যা দিয়াৰ লগতে ৰাজনৈতিক দলৰ সৈতে মিলি আটাছুৰ কেন্দ্ৰীয় সমিতিৰ একাংশই গাদীৰ লোভত এনে সিদ্ধান্ত লোৱা হৈছে বুলি ক্ষোভেৰে কৰে ৷

কেন্দ্ৰীয় সমিতিত এগৰাকী কাৰ্যকৰী সভাপতি থকাৰ পাচতো সভাপতিক অপসাৰণ কৰি এগৰাকী উপ সভাপতিক সভাপতিৰ দায়িত্ব প্ৰদান কৰা কাৰ্যই সেয়া প্ৰমাণ কৰিলে বুলিও উল্লেখ কৰে আটাছুৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক নয়ন বুঢ়াগোঁহায়ে ।

উল্লেখ্য় যে ৰাজ্যত বিগত তিনি দিনেই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁইক লৈ ব্যাপক চৰ্চা হৈছে । কিয়নো বিজেপি নেতাৰ সৈতে হোৱা এক ফোন ৰেকৰ্ড সামাজিক মাধ্য়ম প্ৰচাৰ হোৱা পাচতে চৰ্চালৈ আহিছিল সংগঠনটোৰ সভাপতিগৰাকী । ইয়াৰ পাচতে মৰাণত আটাছুৰ কেন্দ্ৰীয় সমিতিয়ে সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰীয় সমিতিৰ বিতৰ্কিত সভাপতি মিলন বুঢ়াগোহাঁইক সভাপতি পদৰ পৰা অপসাৰণৰ কথা ঘোষণা কৰাৰ পিচতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:ATASU Press Meet : আটাছুৰ কেন্দ্ৰীয় সভাপতি পদৰ পৰা অপসাৰণ মিলন বুঢ়াগোহাঁইক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.