তিনিচুকীয়া,৬ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি চলি থকা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰি থকা সময়তে তিনিচুকীয়া পেঙেৰীৰ পৰা এগৰাকী ছাত্ৰ সন্থাৰ নেতা নিৰুদ্দেশ হোৱা ঘটনাই সৃষ্টি কৰিছে ন ন সন্দেহৰ ৷ তিনিচুকীয়াৰ পেঙেৰীৰ আছু নেতা বিজু গগৈ ৩ জানুৱাৰীত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তিনিচুকীয়াৰ আই.টি.আইৰ খেলপথাৰত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আয়োজন কৰা গণ হুংকাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি নিজ ঘৰলৈ আজিও উভতি যোৱাৰ পথৰ পৰাই নিৰুদ্দেশ হৈ আছে ৷
কিন্তু ক'লৈ গ'ল পেঙেৰীৰ আছু নেতা বিজু গগৈ ?
বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক তথা নগাপথাৰৰ যুৱক বিজু গগৈয়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত থকাৰ মাজতে এনেদৰে হঠাৎ নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়াল তথা স্থানীয় লোকসকলক চিন্তিত কৰি তুলিছে ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে স্থানীয় পেঙেৰী থানাত লিখিতভাৱে অভিযোগ দাখিল কৰিছে যদিও এই পৰ্যন্ত বিজু গগৈৰ কোনো সন্ধান ওলিয়াব পৰা নাই আৰক্ষীয়ে ৷
সোমবাৰে আহিছিল মেচেজটোঃ
বিজু গগৈয়ে কেইবাজনো সতীৰ্থলৈ হোৱাটছএপ যোগে প্ৰেৰণ কৰিছিল এটা বিশেষ মেচেজ ৷ তাত লিখা আছিল "দাদা মই দেশৰ কাৰণে ওলাই আহিছো, চিন্তা কৰিব নালাগে, আপোনালোক ভালে থাকিব" ৷ সতীৰ্থসকললৈ অহা এই মেচেজটোৱে সৃষ্টি কৰিছে কৌতূহলৰ ৷ জাতীয়তাবাদী সংগঠনৰ নেতৃত্ব লোৱা বিজু গগৈয়ে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান কৰিছে নেকি ? এই কথা স্পষ্ট নহয় যদিও একাংশই সন্দেহ কৰিছে বিজু গগৈয়ে আলফা স্বাধীনত যোগদান কৰাৰ কথা ৷ কিয়নো এবছৰ পূৰ্বে গোলাঘাটৰ আছু নেতা পংকজ প্ৰতিম দত্তইও যোগদান কৰিছিল নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনত ৷ ইফালে ছাত্ৰ নেতা গৰাকীৰ সন্ধানত তিনিচুকীয়া আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই সন্ধানহীন বিজু গগৈৰ ৷
লগতে চাওকঃৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ