তিনিচুকীয়া,22 জুলাই: বিগত কিছুদিন ধৰি তিনিচুকীয়া জিলাত ধাৰাবাহিক ভাৱে সংঘটিত হৈছে ডকাইতি কাণ্ড ৷ সোমবাৰে পুৱা মাকুম গান্ধী নগৰত অৱস্থিত মাকুম মটৰ্চ পেট্ৰ'ল পাম্পৰ পৰা এজন কৰ্মচাৰীয়ে 2,35,000 টকা তিনিচুকীয়াৰ বেংকত জমা থ’বলৈ যায় ৷ কিন্তু টকাখিনি নিয়াৰ পথত শুকান পুখুৰীত তিনিজনীয়া এটা ডকাইতৰ দলে কৰ্মচাৰী জনক পিষ্টল দেখুৱাই টকাখিনি লুটি নিয়ে ৷
ইতিমধ্যে, ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইপিনে ঘটনাটো সন্দৰ্ভত পেট্ৰল পাম্পৰ কৰ্মচাৰী গৰাকীয়ে থানাত এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে,ইয়াৰ পূৰ্বে বাদলবেটা,বাহাদুৰ চাৰিআলি,নপুখুৰী,তিনিচুকীয়া চহৰত ডকাইতি ঘটনা সংঘটিত হৈছিল যদিও আৰক্ষীয়ে এজনো ডকাইত ধৰিবলৈ সক্ষম হোৱা নাই ৷