ETV Bharat / state

ফিল'বাৰী আৰক্ষীয়ে জব্দ কৰা অবৈধ কাঠ চমজি ল'বলৈ নাই বন বিষয়া

author img

By

Published : Dec 4, 2019, 10:47 PM IST

তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষীয়ে এক অভিযান চলাই মঙলবাৰে চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিছিল ৷ কিন্তু বন বিভাগে আজিলৈকে চমজি লোৱা নাই জব্দ হোৱা চোৰাং কাঠৰ লগতে বাহনখন ৷

philobari
তিনিচুকীয়া

ডুমডুমা , 4 ডিচেম্বৰঃ মঙলবাৰে তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষীয়ে এক অভিযান চলাই এখন মালবাহী ট্ৰাকৰ সৈতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চোৰাং কাঠসমূহ জব্দ কৰিবলৈ সক্ষম হয় ৷ তথ্য অনুসৰি অৰুণাচল প্ৰদেশৰ লাথাওৰ পৰা ৰূপাই অভিমুখে গৈ থকা সময়তে ফিল'বাৰী আৰক্ষীয়ে দুই লক্ষাধিক টকা মূল্যৰ অবৈধ কাঠ সহ AS-06-F-8864 নম্বৰৰ এখন বাহন জব্দ কৰে । কিন্তু জব্দীকৃত কাঠসহ বাহন চমজি ল'বলৈ নাই বিয়াগোম বন বিভাগৰ কোনো বিষয়া ৷

জব্দ কৰা অবৈধ কাঠ চমজি লবলৈ নাই বন বিষয়া

পৰিতাপৰ বিষয় যে ফিল'বাৰী খণ্ড বন বিষয়া কাৰ্যালয়ত দিনৰ 12 বজাৰ পৰাই তলা লাগি আছে ৷ বন বিভাগৰ কাৰ্যালয়ৰ এখন খিৰিকি খুলি দোৱাৰত ওলোমাই ৰখা হৈছে তলা ৷ উল্লেখ্য যে বৃহত্তৰ ফিল'বাৰী অঞ্চলত প্ৰতিদিনে চোৰাং কাঠ বেহা আৰু অবৈধ খনন চলি থকা অৱস্থাতো ফিল'বাৰী খণ্ড বন সংমণ্ডলৰ নিৰ্লিপ্ত ভূমিকা ৰহস্যজনক বুলি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখেদি নিতৌ চোৰাং কাঠ, বালি, মাটি ভৰ্তি বাহন পাৰ হৈ যোৱা কাৰ্যত বন বিভাগৰ মিতিৰালি আখ্যা দিছে স্থানীয় ৰাইজ তথা দল সংগঠনে । এতিয়া প্ৰশ্ন হয় বিভাগটোৰ এইসকল কৰ্মচাৰীৰ ওপৰত উৰ্দ্ধতম কতৃপক্ষই কিবা ব্যৱস্থা ল'ব নে?

লগতে পঢ়ক- গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

Intro:Date: 04-12-2019

Slug: ফিল'বাৰী আৰক্ষীয়ে জব্দ কৰা অবৈধ কাঠ চমজি লবলৈও নাই বন বিষয়া ।

V/O: যোৱা সন্ধিয়া তিনিচুকীয়া জিলাৰ ফিল'বাৰী থানাৰ আৰক্ষীয়ে অভিযান চলাই এখন মালবাহী ট্ৰাকৰ সৈতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হ'য় । অৰুণাচল প্ৰদেশৰ লাথাওৰ পৰা ৰূপাই অভিমুখে গৈ থকা সময়তে ফিল'বাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি প্ৰায় দুই লক্ষাধিক টকা মূল্যৰ মূল্যবান অবৈধ কাঠ সহ AS 06 F 8864 নম্বৰৰ এখন বাহন জব্দ কৰে । কিন্তু পৰিতাপৰ বিষয় যে, ফিল'বাৰী খণ্ড বন বিষয়া কাৰ্যলয়ত দিনৰ ১২ বজাতেই লাগি আছে তলা । কালি জব্দ হোৱা কাঠখিনি বন বিভাগে কেতিয়াকৈ নিজ হাতলৈ হস্তান্তৰ কৰিব বুলি সাংবাদিকে সুধিব যাওঁতেই ওলাল ওৰহি গছৰ ওৰ । বন বিভাগৰ কাৰ্যলয়ৰ এখন খিৰিকি খুলি দোৱাৰত ওলমাই ৰাখিছে তলা । বৃহত্তৰ ফিল'বাৰী অঞ্চলত প্ৰতিদিনে চোৰাং কাঠ, অবৈধ খনন চলি থকা অৱস্থাতো ফিল'বাৰী খণ্ড বন সংমণ্ডলৰ নিৰ্লিপ্ত ভূমিকা ৰহস্যজনক বুলি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বন বিষয়াৰ কাৰ্যালয়ৰ সন্মূখেদি নিতৌ চোৰাং কাঠ, বালি, মাটি ভৰ্তি বাহন পাৰ হৈ যোৱা কাৰ্যত বন বিভাগৰ মিতিৰালি আখ্যা দিছে স্থানীয় ৰাইজ তথা দল সংগঠনে । বিভাগটোৰ স্থানীয় কাৰ্যলয়ৰ কৰ্দয্য ৰূপ আৰু নিজ খিয়াল-খুছি মতে খোলা বিভাগীয় কৰ্মচাৰীৰ ওপৰত কিবা ব্যৱস্থা ল'ব নে উৰ্দ্ধতম কতৃপক্ষই সেইয়া উল্লেখনীয় হ'ব ।

Byte: হৰেণ শইকীয়া, সভাপতি,
ফিল'বাৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 04-12-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.